অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! আধৰুৱা হৈ ৰ’ল সুখী যুগ্ম জীৱনৰ সপোন, বিয়াৰ কেইঘন্টামান পিছতে পথ দুৰ্ঘটনাত মৃত্যু দৰা-কইনাৰ…

নিউজ ডেস্কঃ বিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতে কইনাক লৈ দৰা স্বগৃহলৈ ওভতাৰ পথত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাই একেলগে প্ৰাণ কাঢ়ি লৈ গ’ল দৰা-কইনাৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বিহাৰৰ নালন্দা জিলাত।

কইনাঘৰৰ পৰা কইনাক লৈ স্বগৃহলৈ ওভতা দৰাৰ বাহনত বালিভৰ্তি ট্ৰেক্টৰে প্ৰচণ্ড খুন্দা মৰাত থিতাতে মৃত্যু ঘটে নৱ বিবাহিত দম্পতীহালৰ।

এই ঘটনাত গুৰুতৰভাৱে আহত হয় দৰাৰ ভায়েকো।

image 11

জানিব পৰা মতে, শুকুৰবাৰে নালন্দা জিলাৰ গিৰিয়াক থানা এলেকাৰ সতাউৰ গাঁৱৰ নিৱাসী কাৰু চৌধাৰীৰ কন্যা পুস্পা কুমাৰীৰ সৈতে বিবাহ সম্পন্ন হৈছিল নৱাদৰ মহাৰাণাগাঁৱৰ নিৱাসী শ্যাম কুমাৰ (২৭)ৰ।

শুকুৰবাৰে কইনাঘৰত বিবাহ সম্পন্ন কৰি পিছদিনা অৰ্থাৎ শনিবাৰে দুপৰীয়া কইনা আৰু ভাতৃৰ সৈতে ইনোভা বাহনেৰে স্বগৃহলৈ উভতিছিল দৰা শ্যাম।

কিন্তু তেওঁলোকৰ বাহনখন পুৰাইনী গাঁৱৰ সমীপত উপস্থিত হোৱাৰ সময়তে এখন তীব্ৰবেগী বালিভৰ্তি ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষ ঘটে।

image 12

যাৰ ফলত থিতাতে মৃত্যু ঘটে কইনা পুস্পা আৰু দৰা শ্যামৰ। দুৰ্ঘটনাত আহত হয় শ্যামৰ ভাতৃ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰ এৰি সেই স্থানৰ পৰা পলায়ন কৰে চালকজন।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহতজনক হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে এটা গোচৰ ৰুজু কৰি পলাতক চালকজনৰ সন্ধান অব্যাহত ৰাখিছে।

বিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতে দুটা পৰিয়াললৈ এনেদৰে কাল অমানিশা নামি অহাত এতিয়া শোকস্তব্ধ হৈ পৰিছে সকলো।