নিউজ ডেস্কঃ কন্যাৰ বিয়াৰ ব্যৱস্থা কৰিব নোৱাৰা চৰম মানসিক অস্থিৰতাত ভোগা পিতৃয়ে বাছি লৈছিল চৰম সিদ্ধান্ত। কিন্তু পাছদিনাই কন্যাও গ্ৰহণ কৰিলে একেই পথ! চেন্নাইৰ ভাদাপালানিত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, ৫৭ বছৰীয়া অট’চালক কৃষ্ণকুমাৰে তেওঁৰ ৩০ বছৰীয়া কন্যা পকিয়ামৰ বিবাহৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল।
যোৱা ৭ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ থকা কৃষ্ণকুমাৰৰ মৃতদেহ পাছদিনা তেওঁৰ বাসগৃহৰ পাছফালে থকা এটা পুৰণি নাদৰ পৰা উদ্ধাৰ কৰা হয়। পিতৃৰ এই আকস্মিক বিয়োগত মৰ্মাহত হৈ কন্যা পকিয়ামেও ৮ মাৰ্চৰ নিশা নিজৰ কোঠাৰ ভিতৰতে আত্মহনন কৰে। অচেতন অৱস্থাত পৰিয়ালৰ লোকে তেওঁক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে পকিয়ামক মৃত ঘোষণা কৰে।
ঘটনা সন্দৰ্ভত ভাদাপালানি আৰক্ষীয়ে কয়, “কৃষ্ণকুমাৰ নামৰ ব্যক্তিজনে কন্যাৰ বিয়াৰ চিন্তাত মানসিক কষ্টত আছিল। তেওঁৰ মৃত্যুৰ পাছতে তেওঁৰ কন্যা পকিয়ামেও চৰম আৱেগিক আঘাত সহ্য কৰিব নোৱাৰি এই পথ বাছি লয়। আমি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ।”
আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে। মাত্ৰ ২৪ ঘণ্টাৰ ব্যৱধানত পিতৃ-কন্যাৰ এনে শোচনীয় মৃত্যুৱে পৰিয়ালটোলৈ চৰম দুৰ্যোগ নমাই আনিছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিতং তদন্ত অব্যাহত ৰাখিছে।









