নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ অকাল মৃত্যুৰ গভীৰ শোকে অৱশেষত চৰম পথ বাছি ল’বলৈ বাধ্য কৰিলে এহাল দম্পতীক। কেৰেলাৰ কাছাৰগোডত সংঘটিত এই হৃদয়বিদাৰক ঘটনা আজি পুৱা পোহৰলৈ আহে। কাইৰালী নগৰৰ নিজ বাসগৃহৰ বাৰাণ্ডাৰ ৰেলিংত স্বামী-স্ত্ৰীৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে এগৰাকী আত্মীয়ই।
মৃত দম্পতীহালক বেণুগোপালান এন এম (৫০) আৰু তেওঁৰ পত্নী স্মিতা এম (৩৯) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা বছৰৰ ডিচেম্বৰ মাহত দম্পতীহালৰ ১৯ বছৰীয়া পুত্ৰৰ এটা ৰেল দুৰ্ঘটনাত মৃত্যু হৈছিল। সন্তানৰ এই বিয়োগৰ পাছৰে পৰা দুয়ো চৰম মানসিক অৱসাদত ভুগি আছিল। আনকি বাসগৃহৰ পৰা উদ্ধাৰ হোৱা এক আত্মহননৰ টোকাতো পুত্ৰৰ শোক সহ্য কৰিব নোৱাৰি এই পথ বাছি লোৱা বুলি উল্লেখ কৰিছে দম্পতীহালে।
ঘটনস্থলীত উপস্থিত হৈ মেলাপাৰাম্বা আৰক্ষীয়ে ইতিমধ্যে এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃতদেহ দুটা আত্মীয়ক গতাই দিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।









