নিউজ ডেস্কঃ ধৰ্মৰ প্ৰাচীৰ ভাঙি অৱশেষত প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ২০২৫ চনৰ মহাকুম্ভৰ জৰিয়তে চৰ্চালৈ অহা মনালিছা ভোচলে। পৰিয়ালৰ তীব্ৰ বিৰোধিতা নেওচি কেৰালাৰ এটা মন্দিৰত হিন্দু ৰীতি-নীতিৰে অভিনেতা তথা মডেল ফাৰমান খানৰ সৈতে তেওঁ জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিছে। অৱশ্যে এই বিবাহক লৈ ছচিয়েল মিডিয়াত ‘লাভ জিহাদ’ৰ দৰে চৰম সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে এই নৱদম্পতী।

বিবাহক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে নীৰৱতা ভংগ কৰি মনালিছাই কয়, “মই সম্পূৰ্ণ হিন্দু ৰীতি-নীতি অনুসৰিয়েই বিবাহপাশত আবদ্ধ হৈছোঁ। এয়া কোনো ‘লাভ জিহাদ’ নহয়। মই সকলো ধৰ্মকে সন্মান কৰোঁ আৰু সকলো ধৰ্মই মোৰ বাবে সমান।” তেওঁ লগতে সদৰী কৰে যে ফাৰমান প্ৰথমে এই বিয়াত মান্তি হোৱা নাছিল, কিন্তু তেওঁহে ফাৰমানক সৈমান কৰাইছিল।

ইফালে ‘লাভ জিহাদ’ৰ অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰি ফাৰমান খানে কয়, “ছচিয়েল মিডিয়াত আমাক লৈ বহু ভুৱা কথা প্ৰচাৰ কৰা হৈছে। মনালিছাৰ পিতৃ-মাতৃয়ে তেওঁক পেহাকৰ ল’ৰাৰ সৈতে বিয়া দিব বিচাৰিছিল, কিন্তু মনালিছাই তেওঁক ভাতৃ জ্ঞান কৰা বাবে সেই বিয়াত মান্তি হোৱা নাছিল। আমি ইজনে সিজনক ভাল পাওঁ।”

মাত্ৰ ছয় মাহ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হোৱা এই যুগলৰ প্ৰেম কাহিনীয়ে এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। বিশেষকৈ মনালিছাৰ বয়সক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিছিল যদিও ফাৰমানে সেই সকলো উৰাবাতৰি নসাৎ কৰিছে। বৰ্তমান এই দম্পতীয়ে কেৰালাতে অৱস্থান কৰিছে।










