নিউজ ডেস্কঃ স্কুলীয়া ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগত মেঘালয়ত গ্ৰেপ্তাৰ অসমৰ যুৱক। শ্বিলঙত দুটা পৃথক পৃথক দুটা যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ অসমৰ যোৰহাটৰ হিমান গগৈ (২৪) নামৰ এজন অভিযুক্তক।
ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিমে কয় যে যোৱা ২৪ মে’ত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তদন্ত আৰম্ভ হৈছিল। ভিডিঅ’টোত এজন মুখা পিন্ধা লোকে স্কুলীয়া ছাত্ৰীৰ স্কাৰ্ট উঠাই মোবাইলত ফটো তোলা দেখা গৈছে। ২৩ মে’ৰ পুৱা প্ৰায় ৬:৩৫ বজাত উমছ’হছুনৰ ৱাই ডব্লিউ চি এৰ সমীপৰ এটা গলিত সংঘটিত হয় এই ঘটনা। অতিৰিক্ত আৰক্ষী অধীক্ষক (অপাৰেচন) ইভান বি ২৬ মে’ত ডিয়েংড’ৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হয়। ভুক্তভোগী ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াই পৰীক্ষা কৰি লুমডিয়েংজৰি থানাত গোচৰ নং ৫৫(০৫)২০২৫ৰ অধীনত এফআইআৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধিৰ ৭৬ আৰু ৭৯ ধাৰা আৰু POCSO আইনৰ ১১ আৰু ১২ নং ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এছ পি ছিমে লগতে কয় যে ১৯ মে’ৰ পুৱা ৭:১৫ৰ পৰা ৭:৩০ বজাৰ ভিতৰত পুলিচ বজাৰৰ ড্ৰিমলেণ্ডৰ সমীপৰ চিৰিৰ ওপৰত আন এগৰাকী স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হৈছিল। এই ঘটনাত সদৰ থানাত ১৪০(০৫)২০২৫ নম্বৰৰ গোচৰৰ অধীনত এফ আই আৰ দাখিল কৰা হৈছিল আৰু পি অ’ চি এছ অ’ আইনৰ ৭ আৰু ৮ নং ধাৰাত অভিযোগ দাখিল কৰা হৈছিল।
দুয়োটা ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ প্ৰতিবেদন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
উল্লেখ্য যে, অভিযুক্ত হিমান গগৈ অসমৰ যোৰহাটৰ বাসিন্দা। ২৮ মে’ত মহিলা আৰক্ষী উপ-পৰিদৰ্শক লভিনিয়া কাংৱাঙৰ নেতৃত্বত এটা দল যোৰহাটত উপস্থিত হয়। ইয়াৰ পিছতে টীয়ক থানাৰ লাহদৌগড় আউটপোষ্টৰ সহায়ত বামকুকুৰাচুৱা গাঁৱৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত হিমানক গ্ৰেপ্তাৰ কৰা হয়। এই অপৰাধত ব্যৱহৃত মোবাইল ফোনটোৰ লগতে অন্যান্য প্ৰমাণো জব্দ কৰা হৈছে।
এছ পি ছিমে কয় যে হিমান টীয়ক থানাত ৪৩(০৩)২০২৫ নং গোচৰৰ অধীনত বিএনএছৰ ৩২৯(৩) আৰু ৭৯ নং ধাৰাত আন এটা গোচৰত জড়িত।
যোৰহাট জিলা আদালতত হাজিৰ হ’ব হিমানক। তেওঁক আইনী প্ৰক্ৰিয়াৰ বাবে ট্ৰেনজিট ৰিমাণ্ডত শিলচৰলৈ অনা হ’ব।