নিউজ ডেস্কঃ হাৰিয়ানাৰ পঞ্চকুলাৰ ২৭ নং ছেক্টৰৰ এটা খালী প্লটত ৰখাই থোৱা এখন গাড়ীৰ পৰা উত্তৰাখণ্ডৰ এটা পৰিয়ালৰ ৭ জন সদস্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী কিশোৰ-কিশোৰীও।
প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সন্দেহ কৰিছে যে অত্যধিক ঋণৰ বোজাৰ বাবেই আত্মহননৰ দৰে চৰম পথ বাচি লয় পৰিয়ালটোৱে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে দুগৰাকী কিশোৰী (বয়স প্ৰায় ১২-১৩), তেওঁলোকৰ ১৪ বছৰীয়া ভাতৃ, পিতৃ-মাতৃ আৰু ককা-আইতা।
আৰক্ষীয়ে জনোৱা মতে, এই পৰিয়ালটো পূৰ্বে চণ্ডীগড়ত বাস কৰিছিল। গাড়ীৰ ভিতৰত আটাই কেইজনে একেলগে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। অতিৰিক্ত আৰক্ষী আয়ুক্ত বিক্ৰম নেহৰাই জানিবলৈ দিয়া মতে গাড়ীখনৰ পিছফালৰ গ্লাছখন টাৱেলেৰে ঢাকি ৰখা হৈছিল।
আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাৰ খবৰ লাভ কৰি উদ্ধাৰৰ সময়ত নাবালক কেইজনৰ পিতৃ জীয়াই আছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৱো মৃত্যুক সাৱটে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত পৰিয়ালটোৰ দুজনক প্ৰবীণ মিট্টাল আৰু তেওঁৰ পিতৃ দেশৰাজ মিট্টাল বুলি চিনাক্ত কৰা হৈছে।
তদন্তকাৰীৰ প্ৰাৰম্ভিক ধাৰণা অনুসৰি, তীব্ৰ আৰ্থিক সমস্যাৰ বাবেই পৰিয়ালটোৱে এনে এক কৰুণ সিদ্ধান্ত লয়। আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি সম্পূৰ্ণ তদন্ত আৰম্ভ কৰা হৈছে।
জানিব পৰা মতে, মৃত প্ৰবীণ মিট্টাল ডেৰাডুনত ট্ৰেভেল এণ্ড টুৰিজিমৰ ব্যৱসায়ত জড়িত আছিল। শেহতীয়াকৈ তেওঁ ব্যৱসায়ত গুৰুতৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল। সেই হেঁচায়ে হয়তো তেওঁক আৰু তেওঁৰ পৰিয়ালক এনে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য কৰাইছিল।