
ঘৰুৱা চিলিণ্ডাৰৰ ওজন কৰ্তনৰ চৰ্চা; ১৪.২ কেজিৰ পৰিৱৰ্তে ১০ কেজিৰ খবৰক লৈ স্পষ্টীকৰণ চৰকাৰৰ
নতুন দিল্লীঃ ১৪.২ কেজিৰ চিলিণ্ডাৰত এতিয়াৰে পৰা গ্ৰাহকে লাভ কৰিব মাত্ৰ ১০ কেজি গেছ! দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভয়ংকৰ সংকটৰ সময়তে চৰ্চালৈ আহিছে এই খবৰ। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ পাছতে অৱশেষত এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে এই খবৰ সম্পূৰ্ণ উৰা বাতৰি বুলি খণ্ডন কৰি কয় যে চিলিণ্ডাৰৰ ওজন হ্ৰাস কৰাৰ বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই খবৰক সম্পূৰ্ণ গুজব আৰু অনুমান বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে এনে কোনো পৰিকল্পনাৰ ওপৰত কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই আৰু মানুহে উৰাবাতৰিত গুৰুত্ব দিয়া উচিত নহয়। অৱশ্যে চৰকাৰী তেল কোম্পানীৰ একাংশ বিষয়াই স্বীকাৰ কৰে যে এনে এক প্ৰস্তাৱ বিবেচনাধীন হ’ব পাৰে, যদিও চূড়ান্ত সিদ্ধান্ত চৰকাৰেহে গ্ৰহণ কৰিব।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত এলপিজিৰ নাটনি হোৱা নাই আৰু যোগান ব্যৱস্থা সম্পূৰ্ণ স্বাভাৱিক হৈ আছে। ঘৰুৱা উৎপাদন বৃদ্ধিয়ে বৰ্তমান চাহিদাৰ ৫০-৬০ শতাংশ পূৰণ কৰিছে। পশ্চিম এছিয়াৰ উত্তেজনাৰ বাবে আমদানি কিছু প্ৰভাৱিত হ’লেও চৰকাৰে ঘৰুৱা প্ৰয়োজনক অগ্ৰাধিকাৰ দি বাণিজ্যিক ব্যৱহাৰকাৰীৰ বাবে যোগান সীমিত কৰাৰ সম্ভাৱনা আছে।

ইফালে, গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে দেশজুৰি ৩৭ হাজাৰ স্থানত তালাচী চলাই ৫৫০ খন এজাহাৰ দাখিল কৰিছে। ক’লা বজাৰত লিপ্ত থকাৰ অভিযোগত ১৫০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেনে বিতৰকৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ১০ দিনত দেশৰ প্ৰায় ২ লাখ গ্ৰাহকে পাইপযুক্ত প্ৰাকৃতিক গেছৰ দিশে অগ্ৰসৰ হৈছে।





