প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত আলফা স্বাধীনৰ শিৱিৰৰ পৰা পলায়ন কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কেডাৰৰ…

নিউজ ডেস্কঃ আলফাৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত আলফাৰ শিৱিৰৰ পৰা পলায়ন কেডাৰৰ।

নিষিদ্ধ ঘোষিত সংগঠনটোৰ ম্যানমাৰ শিৱিৰৰ পৰা পলায়ন কৰি তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কেডাৰজনৰ।

আত্মসমৰ্পণকাৰী কেডাৰ জনৰ নাম মিণ্টু মৰাণ ওৰফে মদন অসম বুলি জানিব পৰা গৈছে।

কেডাৰ জনৰ ঘৰ পেঙেৰীৰ তৰণীগাঁৱত।

২০২১ৰ ছেপ্টেম্বৰত আলফা স্বাধীনত যোগদান কৰিছিল মিণ্টু মৰাণে।

কিন্তু সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক ক্ষণত তেওঁ শিৱিৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে কেডাৰজনৰ পৰা এটা পিষ্টল আৰু ৩ জাঁই সজীৱ গুলি উদ্ধাৰ কৰিছে।

উল্লেখ্য যে, আলফাৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত আনফালে কাকপথাৰৰ এজন যুৱকে সংগঠনটোত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।

অন্তঃসত্বা পত্নীক এৰি আলফাত কৰা যুৱকজনৰ নাম বিকাশ মহন্ত বুলি জানিব পৰা গৈছে।