অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! এদিন পথাৰত কৰিছিল কাম, ৬ কিঃমিঃ খোজকাঢ়ি গৈছিল স্কুললৈ, আজি তেওঁ দেশৰ অন্যতম জনপ্ৰিয় IPS বিষয়া…

নিউজ ডেস্কঃ দেশৰ ভিতৰতে জনপ্ৰিয় আইপিএছ বিষয়া সকলৰ মাজৰ এটি নাম সৰোজ কুমাৰী।

গুজৰাটৰ বদোদৰাৰ উপ আৰক্ষী আয়ুক্ত হিচাপে কৰ্তব্যৰত সৰোজ কুমাৰীয়ে ড্ৰাগছ, নাৰী সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপে আজি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে সকলোৰে পৰা।

image 46

কিন্তু এইগৰাকী আইপিএছ বিষয়াৰ সফলতাৰ কাহিনীও অনন্য। চৰকাৰী বিদ্যালয়ৰ পৰা আইপিএছ বিষয়া হোৱাৰ তেওঁৰ যাত্ৰাই আজি উদ্বুব্ধ কৰিছে আন বহু যুৱক-যুৱতীক।

ৰাজস্থানৰ ঝুনঝুনু জিলাৰ বুডানিয়া গাঁৱৰ নিৱাসী সৰোজ কুমাৰী। তেওঁৰ পিতৃ আছিল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চাৰ্জেণ্ট।

image 47

পিতৃৰ পেঞ্চন কম হোৱাৰ বাবে সৰুতে আৰ্থিক সমস্যাৰো সন্মুখীন হ’বলগীয়া হৈছিল তেওঁলোকৰ পৰিয়াল।

সেয়ে পৰিয়ালটোৱে খেতিও কৰিছিল।

অধ্যয়নকালত শিক্ষাৰ সমান্তৰালভাৱে খেতিপথাৰতো কাম কৰিছিল সৰোজ কুমাৰীয়ে। গাঁওৰে চৰকাৰী বিদ্যালয়ত তেওঁ পঢ়িছিল অষ্টম শ্ৰেণীলৈকে।

image 50

পিছত ঘৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ আলিপুৰ গাঁৱৰ চৰকাৰী বিদ্যালয়ত তেওঁ নামভৰ্তি কৰে।

সেই সময়ত ৰাস্তা ঘাটৰ অৱস্থা বেয়া হোৱাৰ বাবে প্ৰতিদিনে ৬ কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ অহা-যোৱা কৰিছিল সৰোজ কুমাৰীয়ে।

image 48

এনে পৰিশ্ৰমৰ পিছতো দশম শ্ৰেণীত তেওঁ শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হয়। তাৰ পিছতে তেওঁ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে জয়পুৰৰ মহাৰাণী কলেজত।

কলেজীয়া শিক্ষা সাং কৰাৰ পিছত লেখিকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল সৰোজ কুমাৰীয়ে।

image 49

কিন্তু তাৰ মাজতো তেওঁৰ মনত ইউপিএছচিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাবলৈ ধৰে।

যাৰ ফলত নিজাকৈ প্ৰস্তুতি চলাই তেওঁ ইউ পি এছ চি পৰীক্ষাত সফলতা অৰ্জন কৰি গুজৰাট কেডাৰৰ আইপিএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰে।