নিউজ ডেস্কঃ অৱশেষত যেন যৱনিকা পৰিল বিগত তিনিমাহ ধৰি অব্যাহত থকা এখন ৰহস্যঘন নাটৰ!
অৱশেষত উদ্ধাৰ হ’ল তিনি মাহ পূৰ্বেই লিডুৰ কয়লা খনিৰ পৰা নিৰুদ্দিষ্ট হোৱা প্ৰাঞ্জল মৰাণৰ মৃতদেহ।
প্ৰায় পচি যোৱা মৃতদেহ শুকুৰবাৰে পুৱাই আৰক্ষীয়ে উদ্ধাৰ কৰি ফোনযোগে এই বিষয়ে অৱগত কৰে স্বামীক বিচাৰি হাহাকাৰ কৰি ফুৰা প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰানক।
স্বামীক ঘূৰাই পোৱাৰ শেষ আশাকণো এনেদৰে নিঃশেষ হৈ যোৱাত এতিয়া কান্দি কান্দি বাউল হৈ পৰিছে উৰ্বশী।
উল্লেখ্য যে, চলিত বৰ্ষৰ ১২ জানুৱাৰীত লিডুৰ কয়লা খনিৰ পৰা সন্ধানহীন হৈছিল শ্ৰমিক প্ৰাঞ্জল মৰাণ।
মাকুমৰ শুকানীৰ নিৱাসী ২৪ বৰ্ষীয় যুৱকজনক বিচাৰি চৌদিশ চলাথ কৰিছিল পত্নী উৰ্বশী মৰানে।
ফেব্ৰুৱাৰীৰ ৪ তাৰিখেই স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে যেন বিশেষ গুৰুত্ব দিয়া নাছিল বিচাৰি উলিওৱাক লৈ।
যাৰ বাবে উপায়ন্তৰ হৈ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ কাষ চাপিছিল উৰ্বশী মৰান।
উৰ্বশীৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লৈ প্ৰাঞ্জলক বিচাৰি উলিওৱাৰ আশ্বাস দিছিল ডিজিপি গৰাকীয়ে।
সমান্তৰালভাৱে এই ঘটনাৰ তদন্ত কৰিবলৈ আইজিপি জিৎমল দলেক নিৰ্দেশ দিছিল তেওঁ।
তদন্তৰ বাবে ৭ এপ্ৰিললৈকে বান্ধি দিয়া হৈছিল সময়ো।
ইয়াৰ পিছতে তৎপৰ হৈ পৰা আৰক্ষীয়ে প্ৰাঞ্জল মৰাণক বিচাৰি গ্ৰেপ্তাৰ কৰে দুজন কয়লা চোৰক।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে চাই কুজুৰ আৰু বাবু পাহাৰীয়া নামৰ এই কয়লা চোৰেই লিডুৰ কয়লাখনিত সমাধিস্থ কৰিছিল প্ৰাঞ্জল মৰাণৰ মৃতদেহ।
যাৰ পিছতে এছডিআৰএফ, আৰক্ষী, ক’ল ইণ্ডিয়া আদিয়ে প্ৰাঞ্জল মৰাণৰ মৃতদেহ বিচাৰি চলাথ কৰে লিডুৰ কয়লা খনি।
কিন্তু মৃতদেহৰ সন্ধান উলিওৱাত বাৰে বাৰে ব্যৰ্থ হয় আৰক্ষী।
অৱশেষত শুকুৰবাৰে পুৱা অৰ্থাৎ তদন্তৰ শেষ দিনটোত আৰক্ষীয়ে পুনৰ অভিযান চলাই সন্ধান উলিয়াবলৈ সক্ষম হয় প্ৰাঞ্জলৰ উৱলি যোৱা মৃতদেহটো।
এগৰাকী পত্নীয়ে স্বামীক বিচাৰি বিগত তিনি মাহে চলোৱা অভিযানৰ ইমানতেই অন্ত পৰিলেও এতিয়াও পিছে পলাতক হৈয়ে আছে প্ৰাঞ্জল হত্যাকাণ্ডৰ দুই মূল অভিযুক্ত কয়লা চোৰ বি গণেশসহ দুজন।
আৰক্ষীয়ে অভিযুক্ত দুজনৰ সন্ধান বিচাৰি এতিয়া কেনেদৰে অভিযান চলায়, তাৰ ওপৰত নজৰ ৰাখিছে সকলোৱে।