নিউজ ডেস্কঃ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে চলি থকা লোড শ্বেডিঙে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। দিনতটো বাদেই, গৰমৰ বাবে বহুতে পাৰ কৰিবলগীয়া হৈছে নিদ্ৰাহীন ৰাতিও।
এনেহেন গৰমৰ পৰা পৰিত্ৰাণ পাবলৈকে ঘৰৰ কাষত থকা ৰে’লপথত বহি অকণমান বতাহৰ অপেক্ষা কৰিছিল দুই যুৱকে। কিন্তু তেতিয়াই সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা।
নিশা ২.১৫ বজাত দুই বন্ধুৱে ৰে’ল পথত বহি থকাৰ সময়তে ডিব্ৰুগড়ৰ পৰা অহা তীব্ৰবেগী কামৰূপ এক্সপ্ৰেছে মহতিয়াই নিয়ে দুয়োজনক।
ধেমাজি বৰগাঁও ৰে’ল গেটত সংঘটিত এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱায় অমিত সোণোৱাল আৰু উত্তম সোণোৱাল নামৰ দুই যুৱকে। পুৱা ৰে’লপথত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
উল্লেখ্য যে, অমিত সোণোৱাল আছিল গাঁওপ্ৰধান। ৰে’ল গেটত কৰ্মৰত ৰে’লৱে কৰ্মচাৰীৰ ভুলৰ বাবেই দুই যুৱকৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে।
ইফালে পুৱা ঘটনাস্থলীত জি আৰ পি আৰু দণ্ডাধীশ ডিম্পী ভট্টাচাৰ্য উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।









