ছয়গাঁৱত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত সম্বৰ্দ্ধনা

নিউজ ডেস্কঃ বৃহত্তৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বেচৰকাৰী সংস্থা ‘সন্মিলিত জনকল্যাণ মঞ্চ’ৰ উদ্যোগত বৃহস্পতিবাৰে ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্রেক্ষাগৃহত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ কৃতী শিক্ষার্থীসকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এখন বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।

সম্বৰ্দ্ধনা সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক অতনু ভূঞা। সভাত বিশিষ্ট সাংবাদিক অতনু ভূঞাই ভাষণত প্ৰথমে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনাই কয় যে আমাৰ দিনত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল বহুত মেধাৱী আছিল৷ সেই সময়ত বহুত কম সংখ্যকে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। অকল ভালকৈ পঢ়িলেই নহব, অন্যান্য জ্ঞান থাকিব লাগিব বুলি তেওঁ কয়৷ পাঠ্যক্ৰমৰ বিষয়তে ছাত্ৰ-ছাত্ৰী সীমাবদ্ধ নাথাকি অন্য বিষয়তো জ্ঞান আহৰণ কৰিব লাগে বুলিও সাংবাদিকগৰাকীয়ে ভাষণত উল্লেখ কৰে।

WhatsApp Image 2025 07 17 at 20.13.08 e69c20f0
ছয়গাঁৱত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত সম্বৰ্দ্ধনা 4

সন্মিলিত জনকল্যাণ মঞ্চৰ সভাপতি মণিময় কৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ মূল ব্যক্তি তথা সন্মিলিত জনকল্যাণ মঞ্চৰ মূখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্যই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ জীৱনত অগ্ৰসৰ হোৱাৰ লগতে নিজৰ লক্ষ্যৰ পৰা বিচলিত নোহোৱাৰ বাবে আহ্বান জনায়। তেওঁ ছ’চিয়েল মিডিয়াৰ কু-প্ৰভাৱ আৰু সু-প্ৰভাৱৰ ওপৰতো বক্তব্য ৰাখে। তেওঁ স্থানীয় যুৱক-যুৱতীক নিয়োজনৰ লক্ষ্যৰে ঔদ্যোগিক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে।

WhatsApp Image 2025 07 17 at 20.13.09 fc29f7ee
ছয়গাঁৱত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত সম্বৰ্দ্ধনা 5

মঞ্চৰ সাধাৰণ সম্পাদক ডঃ চিন্ময় কলিতাই পৰিচালনা কৰা সভাখনত ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ উপেন ডেকা, অধ্যাপক কমল ঠাকুৰীয়া, ছয়গাঁও দক্ষিণ সৰু বংশৰ জিলা পৰিষদৰ সদস্য মিহিৰ ৰঞ্জন দাস আৰু বিশিষ্ট সমাজকৰ্মী বলেন চন্দ্ৰ মেধি প্ৰমুখ্যে শতাধিক শিক্ষাগুৰু উপস্থিত থাকে।

ছয়গাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কমল ঠাকুৰীয়াই এই সময়ত ছাত্ৰ-ছাত্ৰী আৱেগপ্ৰৱণ হৈ থাকে বুলি কৈ কোনোবাই কু-দৃষ্টিৰে মন্তব্য কৰিলেও নিজৰ শুদ্ধ দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক চিন্তা চৰ্চাৰ আন্দোলন আৰু কৰ্ম সংস্কিতি গঢ়ি তোলাৰ বাবে দাবী জনায়।

WhatsApp Image 2025 07 17 at 20.13.10 5af12100
ছয়গাঁৱত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত সম্বৰ্দ্ধনা 6

মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী ডঃ উপেন ডেকাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ ৰাখে। তেওঁ ছাত্ৰ-ছাত্ৰীক অভিভাৱকৰ দায়িত্বৰ প্ৰতি কৃতজ্ঞ হোৱাৰ লগতে সমাজৰ প্ৰতিও দায়িত্বশীল হোৱাৰ বাবে আহ্বান জনায়।

আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত ২৫ খন বিদ্যালয় আৰু ৫ খন মহাবিদ্যালয়ৰ মুঠ ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক কিতাপৰ টোপোলা, মানপত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

Leave a Comment