নিউজ ডেস্কঃ সমাজৰ অযুত বাধা নেওচি এক হোৱাৰ সংকল্পই ল’লে নতুন ৰূপ।
তথাকথিত সভ্য সমাজৰ হীন চকুৰ আঁৰত যুগ্ম জীৱনৰ পাতনি মেলাৰ মন মেলিছে অসমৰ দুগৰাকী যুৱতীয়ে।
এই দুগৰাকী যুৱতীয়েই হৈছে এলিজা আৰু মণিষা।
ভালপোৱাক পূৰ্ণাংগ ৰূপ দি ইতিমধ্যে দুয়োগৰাকী যুৱতীৰ মাজত সম্পন্ন হৈছে আঙুঠি পিন্ধোৱা পৰ্ব।

উল্লেখ্য যে, নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্চ হিচাপে কৰ্মৰত এলিজা আহমেদৰ পৰিচয় ঘটিছিল বিউটিচিয়ান মণিষা ৰাভাৰ সৈতে।
সমলৈংগিক এই যুৱতী দুগৰাকীৰ মাজত বাঢ়ি আহিছিল ঘনিষ্ঠতা।

প্ৰেমৰ সাগৰত একেলগে নৌকা মেলা এলিজা আৰু মণিষাই অৱশেষত সমাজৰ বাধা নেওচি এক হোৱাৰ মন মেলিছিল।
সেই অনুসৰি ইতিমধ্যে দুয়োৰে মাজত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছে।

যুৱতী দুগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ সম্পৰ্কটোত এতিয়া আঙুঠি পিন্ধাই সামাজিক স্বীকৃতি দি ৰঙা হ’লেও ডেৰ বছৰ পিছতহে তেওঁলোকে যুগ্ম জীৱনৰ পাতনি মেলিব।