নিউজ ডেস্কঃ অসম সন্তান কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ অসুস্থতাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তুলিছে তেওঁৰ অলেখ অনুৰাগীক।
নিশা হঠাৎ অসুস্থ হৈ পৰা পাপনক ভৰ্তি কৰোৱা হয় মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত।
কণ্ঠশিল্পীগৰাকী হাস্পতালত চিকিৎসাধীন হোৱাৰ পিছত নিশা তেওঁৰ সৈতে নাইট এটেণ্ডেন্ট হিচাপে থাকে ১৩ বছৰীয়া কনিষ্ঠ পুত্ৰ পোহৰে।
পুত্ৰক লৈ অংগৰাগ মহন্তই আবেগিক টুইট কৰাৰ লগতে তেওঁৰ সুস্থতাৰ বিষয়েও অৱগত কৰে অনুৰাগীসকলক।
We all fight these small battles alone. I don’t personally like posting these incidents on social media. But last night was different. It was for the first time, my little boy who is all of 13 opted to be the night attendant at the hospital!
— papon angaraag (@paponmusic) May 12, 2023
1/3 pic.twitter.com/BnJUR0U98t
পাপনে পুত্ৰ পোহৰৰ বাবে লিখিছে- ‘এই সৰু সৰু যুদ্ধবোৰ আমি সকলোৱে অকলে যুঁজ দিওঁ। ব্যক্তিগতভাৱে এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো মোৰ ভাল নালাগে৷ কিন্তু যোৱা নিশাটো বেলেগ আছিল। প্ৰথমবাৰৰ বাবে ১৩ বছৰীয়া মোৰ সৰু ল’ৰাটোৱে হাস্পতালৰ নাইট এটেণ্ডেন্ট হিচাপে মোৰ কাষত আছিল।’
It’s a emotional moment and I wanted to share with my friends and well wishers 🙂
— papon angaraag (@paponmusic) May 12, 2023
I remember all those times I used to do this for my parents. I wish they were around to witness their grandson Puhor taking his turn already !
2/3
পাপনে আগলৈ লিখিছে- ‘এয়া এক আৱেগিক মুহূৰ্ত আৰু মই মোৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছিলো।’
পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তক সুঁৱৰি পাপনে আকৌ লিখিছে, ‘মোৰ মনত আছে সেই সকলোবোৰ সময়. যেতিয়া মই মোৰ মা-দেউতাৰ বাবে এই কাম কৰিছিলোঁ। ইতিমধ্যে নাতি পোহৰে পাল লোৱাৰ সাক্ষী হ’বলৈ তেওঁলোক ওচৰত থকা হ’লে ভাল আছিল!’