প্ৰেৰণাদায়ক! ৩ বছৰ বয়সতে এচিড আক্ৰমণত হেৰুৱাইছিল দৃষ্টিশক্তি, আজি CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উজ্বলি উঠিল এইগৰাকী কিশোৰী…

নিউজ ডেস্কঃ মাত্ৰ ৩ বছৰ বয়সতে জীৱনলৈ অন্ধকাৰ নামি আহিছিল এটি কণমানিৰ!

সেইদিনা আছিল হোলী উৎসৱ। ৰঙৰ আবিৰ সানি আনন্দত মগন হৈ পৰিছিল সকলো।

তেতিয়া কণমানিটিৰ হোলী খেলাৰ বয়স হোৱাই নাছিল। সেয়ে খুৰাকৰ কোলাত বহি ঘৰৰ পদূলিমুখতে মানুহবোৰ চাই চাই খিলখিলাইছিল।

আৰু সেই সময়তে…

সেই সময়তে পৰিয়ালৰ সৈতে পুৰণি শত্ৰুতা থকা তিনিজন লোকে গায়ে-মূৰে ফাকুৰ প্ৰলেপ সানি উপস্থিত হৈছিল তেওঁলোকৰ ঘৰৰ পদূলি।

খুৰাকে ভাৱিছিল- মানুহৰ দলটোৱে হয়তো ফাকু দিবলৈ আহিছে।

কিন্তু নহয়, সিঁহতে কণমানিটিলৈ লক্ষ্য কৰি চটিয়াইছিল এচিড!

মুহূৰ্তৰ ভিতৰত ঘটা সেই ঘটনাই গোটেই জীৱনলৈ অমানিশা নমাই আনিলে কণমানিটিলৈ।

এচিড আক্ৰমণত জ্বলি গ’ল কণমানিটিৰ গোটেই মুখমণ্ডল, চিৰদিনৰ বাবে হেৰুৱাই পেলালে দৃষ্টিশক্তি।

সেইগৰাকী কণমানিয়েই আজি পুনৰ এবাৰ চৰ্চিত হৈ পৰিছে। এতিয়া তেওঁৰ বয়স ১৫ বছৰ। এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁ।

কিশোৰীগৰাকীৰ নাম কাইফী। এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৫.২০ শতাংশ নম্বৰ লাভ কৰি জিলিকি উঠিছে কাইফী।

৩ বছৰ বয়সতে অন্ধকাৰময় হৈ পৰা জীৱনটোলৈ এইবাৰৰ পৰীক্ষাৰ ফলাফলে যেন অকণমান পোহৰ বিলাই থৈ গৈছে কাইফীৰ জীৱনলৈ।

হাৰিয়ানাৰ হিছাৰ জিলাত ঘৰ কাইফীৰ। পিতৃ পৱন হাৰিয়ানা চৰকাৰী বিভাগৰ এগৰাকী পিয়ন।

এচিড আক্ৰমণৰ বলি হোৱাৰ পিছত প্ৰায় এবছৰ কাল হাস্পতালত চিকিৎসা চলিছিল কাইফীৰ। আৰু তাৰ পিছত আৰম্ভ হৈছিল কাইফীৰ দৃষ্টিহীন দুৰ্বিসহ জীৱন।

চণ্ডীগড়ৰ ছেক্টৰ-২৬স্থিত অন্ধ বিদ্যালয়ৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা কাইফীয়ে সদ্যঘোষিত ফলাফলত বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে।

ভৱিষ্যতে এগৰাকী আইএএছ বিষয়া হ’ব বিচাৰে কাইফীয়ে। কিশোৰীগৰাকীৰ মতে, তেওঁৰ চকুৰে নেদেখিলেও এতিয়া মনৰ পোহৰেৰে সমাজখন আলোকিত কৰিব বিচাৰিছে।

সেয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সকলো সম্ভৱ কষ্ট কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ কাইফী।