বন্য জন্তুৰ উপদ্ৰৱ! চাংসাৰীত বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলা, কাজিৰঙাত গঁড়ে কাঢ়িলে কৃষকৰ প্ৰাণ

বছৰৰ আৰম্ভণিতে বন্য জন্তুৰ আক্ৰমণে অসমত প্ৰাণ কাঢ়ি লৈ গ’ল দুজনকৈ লোকক। শুকুৰবাৰে গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰীত বনৰীয়া ম’হৰ আক্ৰমণত এগৰাকী ৩৮ বৰ্ষীয় মহিলাৰ মৃত্যু ঘটে। একেদিনাি কাজিৰঙাৰ ২নং কঁহৰাৰ ম’পাৰাত পথাৰত কৃষি কৰ্মত ব্যস্ত থকাৰ সময়তে গঁড়ৰ আক্ৰমণে মৃত্যু মাতি আনে এজন কৃষকলৈ।

চাংসাৰীত বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলাগৰাকীৰ পৰিচয় সোণাপুৰৰ বাসিন্দা লক্ষেশ্বৰী মুৰাৰী বুলি জানিব পৰা গৈছে। চাংসাৰীৰ এটা ব্যক্তিগত কাৰখানাত কৰ্মৰত আছিল মহিলাগৰাকী। শুকুৰবাৰে চাংসাৰীৰ কৰৈবাৰী অঞ্চলত সংঘটিত হয় এই ঘটনা। ইফালে মহিলাগৰাকীক আক্ৰমণ কৰাৰ পিছথে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা নলাত আৱদ্ধ হৈ পৰে বনৰীয়া ম’হটো। সম্প্ৰতি ম’হটোৰ উদ্ধাৰ অভিযান চলাই থকা হৈছে।

আনহাতে, কাজিৰঙাৰ ২নং কঁহৰা ম’হাপাৰা গাঁৱত পুৱাৰ ভাগত গঁড়ৰ আক্ৰমণত নিহত হয় অমৰাম গণক নামৰ এগৰাকী ৩০ বৰ্ষীয় কৃষক। পথাৰত কৃষি কৰ্মত ব্যস্ত থকাৰ সময়তে বনৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে যুৱকজনৰ।

উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মানুহ আৰু জীৱ-জন্তুৰ মাজৰ সংঘাত। বিগত সময়ত বন্যহস্তীৰ আক্ৰমণে বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৰাজ্যৰ বিভিন্ন অঞ্চলত। কিন্তু বন্য জীৱ-জন্তুৰ আক্ৰমণৰ ঘটনাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

Leave a Comment