চাঞ্চল্যকৰ! ৰে’ল দুৰ্ঘটনা সংঘটিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ, ৰে’ল লাইনত উদ্ধাৰ গেছ চিলিণ্ডাৰ

নিউজ ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ কানপুৰত ৰে’ল দুৰ্ঘটনা সংঘটিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। পহিলা জানুৱাৰীৰ দিনটোতে কানপুৰত এই চাঞ্চল্যকৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতে তীব্ৰ উত্তেজনা বিয়পি পৰে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে, কানপুৰৰ শুৱৰাজপুৰ অঞ্চলৰ বৰাজপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত বুধবাৰে উদ্ধাৰ হয় এটা পাঁচ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ। ৰে’ল পথৰ কাষৰ জংঘলৰ মাজত পেলাই থোৱা হৈছিল চিলিণ্ডাৰটো।

তথ্য লাভ কৰাৰ লগে লগে চোৰাংচোৱা সংস্থা আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, খালী চিলিণ্ডাৰটো বস্তাৰ ভিতৰত ৰখা হৈছিল। চিলিণ্ডাৰটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। ৰে’ল আৰক্ষীয়ে চিলিণ্ডাৰটো নিজৰ জিম্মাত লৈ অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি শিৱৰাজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাজপুৰ ৰেলৱে ষ্টেচনৰ পশ্চিম দিশত উদ্ধাৰ হৈছে চিলিণ্ডাৰটো। এই খবৰ পোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় বাসিন্দাসকলৰ সৈতে কথা পাতে যদিও কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হোৱা নাই। দোষীক বিচাৰি উলিয়াবলৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

ঘটনাস্থলীৰ সমীপত উদ্ধাৰ হৈছে এটা খালী বস্তা। দুস্কৃতিকাৰীয়ে চিলিণ্ডাৰটো বস্তাত ভৰাই থৈছিল বুলি অনুমান কৰা হৈছে। মন কৰিবলগীয়া যে চাৰি মাহ পূৰ্বে এই পথত ৰে’ল দুৰ্ঘটনা সংঘটিত কৰাৰ লক্ষ্যৰে চিলিণ্ডাৰ ব্যৱহাৰ কৰা হৈছিল।

ৰে’ল আৰক্ষী অধীক্ষক অভিষেক বাৰ্মাই কয় যে কোনো ষড়যন্ত্ৰমূলকভাৱে চিলিণ্ডাৰটো ৰে’ল লাইনৰ কাষতে স্থাপন কৰা বুলি অনুমান কৰা হৈছে। প্ৰতিটো কোণৰ পৰা তদন্ত চলি থকাৰ লগতে অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে ৰে’ল আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰয়াগৰাজৰ পৰা ভীৱানীলৈ গৈ আছিল কালিন্দি এক্সপ্ৰেছ। সেই সময়ত শিৱৰাজপুৰ অঞ্চলত ৰেলপথত চিলিণ্ডাৰ ৰাখি এখন ৰেল লাইনচ্যুত কৰাৰ চেষ্টা কৰা হৈছিল। সেই ঘটনাত চিলিণ্ডাৰৰ লগতে পেট্ৰ’লৰ বটল আৰু অন্যান্য সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। ৰে’লৱেৰ তৎপৰতাৰ বাবে সেই সময়ত ৰে’লখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে। আৰক্ষীয়ে এতিয়াও দোষীক বিচাৰি উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Comment