কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ নিৰুদ্দিষ্ট দিগন্ত খনিকৰ! হাহাকাৰ পৰিয়ালৰ

নিউজ ডেস্কঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ অসমৰ এজন লোক নিৰুদ্দেশ হোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে টিংখাঙত। বহিঃৰাজ্যত ৰহস্যজনকভাৱে সন্ধানহীন হোৱা লোকজনৰ পৰিচয় টিংখাঙৰ শিমলুগুৰি গাঁৱৰ দিগন্ত খনিকৰ (৪১) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, প্ৰায় ১৩ বছৰ পূৰ্বে কৰ্মৰ সন্ধানত কেৰালাৰ কঞ্জৰাপল্লীলৈ গৈছিল দিগন্ত খনিকৰ। তাত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল তেওঁ। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, প্ৰায় দুবছৰ পূৰ্বে শেষবাৰৰ বাবে ঘৰলৈ আহিছিল দিগন্ত। কিন্তু ২৮ ডিচেম্বৰৰ পৰা লোকজন নিৰুদ্দেশ হৈ পৰে।

দিগন্তৰ সহকৰ্মী আৰু বন্ধু-বান্ধৱীয়ে ফোনযোগে তেওঁৰ নিৰুদ্দেশৰ কথা পৰিয়ালক অৱগত কৰাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ লাগে। তেওঁৰ পত্নীয়ে কয় যে তেওঁ নিৰুদ্দেশ হোৱাৰ আগদিনা দেওবাৰে সন্ধিয়া দিগন্তৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল। ইয়াৰ পিছৰে পৰা ফোনত পোৱা হোৱা নাই দিগন্তক।

উল্লেখ্য যে, দিগন্ত খনিকৰৰ পৰিয়ালত আছে পত্নী আৰু এটি ১৭ বছৰীয়া পুত্ৰ। ইতিমধ্যে তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত টিংখাং থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।

অন্যহাতে নিৰুদ্দিষ্ট ব্যক্তিজনৰ কোনো পৰিচয় পালে ৯৬১৩৪৭২৩৫৯ বা ৯১০১৫৯৮৯০০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Leave a Comment