শোকাবহ! ক্ৰিকেট খেলি থাকোতেই ব্ৰহ্মপুত্ৰৰ পানীত পৰিল বল, আনিবলৈ গৈ লুইতৰ বুকুত সন্ধানহীন দুই ভাতৃ…

নিউজ ডেস্কঃ ক্ৰিকেট খেলি থাকোতে ব্ৰহ্মপুত্ৰৰ পানীত পৰা আনিবলৈ যাওতেই সন্ধানহীন হ’ল দুই ভাতৃ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালাইৰ আলগাত।

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা ভাতৃহালক জাকিৰ হুছেইনৰ পুত্ৰ দিলবৰ হুছেইন (১৭) আৰু গোলাম মোস্তাফা (১৫) বুলি জানিব পৰা গৈছে।

image 84
শোকাবহ! ক্ৰিকেট খেলি থাকোতেই ব্ৰহ্মপুত্ৰৰ পানীত পৰিল বল, আনিবলৈ গৈ লুইতৰ বুকুত সন্ধানহীন দুই ভাতৃ… 2

জানিব পৰা মতে, ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ পাৰত দুই ভাতৃয়ে ক্ৰিকেট খেলি থাকোতেই বলটো গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰে।

পানীৰ পৰা বলটো আনিবলৈ যাওতেই দ পানীত পৰি ককবকাবলৈ ধৰে কনিষ্ঠ ভাতৃ গোলাম।

সেয়া দেখি দিলবৰে ভাতৃক বচাবলৈ ব্ৰহ্মপুত্ৰত নামে যদিও দুয়োজনেই সন্ধানহীন হৈ পৰে।

ইফালে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ ভাতৃদ্বয়ক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।