নিউজ ডেস্কঃ পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতিত চৰম সিদ্ধান্ত গ্ৰহন কৰিলে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত।
পাৰিবাৰিক অশান্তিৰ বাবে নিজৰ ঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে কামপুৰৰ ভলভলীয়া গাঁৱৰ নিৱাসী বিএছএফৰ জোৱান সঞ্জীৱ লস্কৰে।
জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা পত্নী প্লাৱিতা ৰাজা লস্কৰৰ সৈতে সংঘাত চলি আহিছিল বিএছএফ জোৱানজনৰ।
শেহতীয়াকৈ তেওঁক এৰি পত্নীয়ে নগাঁৱৰ জাজৰিৰ মাতৃ গৃহলৈ গুচি গৈছিল।
তাৰ পিছতে কোঠাৰ চিলিং ফেনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ।
উল্লেখ্যে যে ১৫ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা সঞ্জীৱ আৰু প্লাৱিতাৰ আছে এটি সন্তানো।
ইফালে জোৱানজনৰ আত্মহত্যাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।