নিউজ ডেস্কঃ অসমীয়াৰ প্ৰাণৰ বিহুটিয়ে গঢ়িলে এক অনন্য বিশ্বাভিলেখ।
গিনিজ বুকৰ পৃষ্ঠাত ইতিহাসৰ বাবে খোদিত হ’ল বাপতিসাহোন বিহুটি।
সৰুসজাইত ১১ হাজাৰোধিক ঢুলীয়া-নাচনীৰ বিহু প্ৰদৰ্শনে গঢ়ে এই বিশেষ কৃতিত্ব।
সমান্তৰালভাৱে ঢোল বাদনেৰেও অন্য এক বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল অসমৰ ঢুলীয়াই।
ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা আহি এই বিশ্ব অভিলেখৰ অংশীদাৰ হোৱা ঢুলীয়া-নাচনীক তেওঁলোকৰ কৃতিত্বৰ বাবে ২৫ হাজাৰ টকাকৈ প্ৰদানৰ ঘোষণা কৰিছিল অসম চৰকাৰে।
তেওঁলোকে যাতে সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যাব পাৰে তাৰ বাবেই আগবঢ়োৱা হৈছিল এই ধনৰাশি।
কিন্তু এই বিশ্বভিলেখৰ অংশ হৈ চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা একাংশ ঢুলীয়া-নাচনীয়ে এতিয়া গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।
চৰকাৰৰ পৰা লাভ কৰা ধন তেওঁলোকে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যয় কৰাৰ ইচ্ছা সামাজিক মাধ্যমত ব্যক্ত কৰাৰ পিছতে তেওঁলোকৰ মানসিকতাক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।
বিশ্ব অভিলেখৰ অংশ হোৱা যোৰহাটৰ নাচনী দৃষ্টি দত্তই প্ৰথমে ফেচবুকযোগে ব্যক্ত কৰে তেওঁৰ এই ইচ্ছা।
তেওঁ ফেচবুকত লিখে যে তেওঁ লাভ কৰা ২৫ হাজাৰ টকাৰে এইবেলি মেট্ৰিক উত্তীৰ্ণ হোৱা দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীৰ কিতাপৰ বাবে ব্যয় কৰিব বিচাৰি।
দৃষ্টিৰ এই পদক্ষেপৰ পিছতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায়ৰ বাব আগবাঢ়ি আহে অভিজিত শইকীয়া আৰু অম্লানজ্যোতি ভৰালীৰ দৰে আন কেইবাজনো।
সামাজিক দায়বদ্ধতাৰ পৰিচয় দি নতুন প্ৰজন্মৰ এইসকল যুৱক-যুৱতীয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ শলাগ লৈছে নেট ব্যৱহাৰকাৰীয়ে।