মৰ্মান্তিক! জ্যেষ্ঠ ভাতৃৰ বিয়োগত মৰ্মাহত কনিষ্ঠ ভাতৃয়েও কৰিলে প্ৰাণ ত্যাগ, শোকস্তব্ধ পৰিয়াল…

নিউজ ডেস্কঃ জ্যেষ্ঠ ভাতৃৰ বিয়োগত ম্ৰিয়মান হৈ ২৪ ঘণ্টাৰ ভিতৰতে কনিষ্ঠ ভাতৃয়েও শেষ নিশ্বাস ত্যাগ কৰাৰ ঘটনাই মৰ্মাহত কৰিছে পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰবাসীক।

জানিব পৰা মতে, লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপন অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গোপাল পাণ্ডেৰ দেওবাৰে নিশা ৭৫ বছৰ বয়সত দেহাৱসান ঘটে।

ভাতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে কনিষ্ঠ ভাতৃ তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বিজেন্দৰ পাণ্ডেও।

ভাতৃৰ শোকত শোকস্তব্ধ হৈ নিশা হৃদৰোগত আক্ৰান্ত হয় বিজেন্দৰ পাণ্ডে। তাৰ পিছতে সোমবাৰে পুৱা তেওঁৰো মৃত্যু ঘটে।

২৪ ঘণ্টাৰ ভিতৰতে এনেদৰে দুই ভাতৃৰ বিয়োগে পৰিয়াললৈ শোকৰ ধুমুহা নমাই অনাৰ লগতে সমগ্ৰ লক্ষীপুৰতে শোকৰ ছাঁ পেলাইছে।

পশ্চিম গোৱালপাৰাৰ স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকে ধৰি লক্ষীপুৰ মহাবিদ্যালয়, ব্যৱসায়ী সন্থা আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।