নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত স্কুটীৰে প্ৰচণ্ড খুন্দা মাৰি নিহত এজন যুৱক।
গোলাঘাটৰ খুমটাইত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন স্কুটী আৰোহী।
নিহত যুৱকজনক কমাৰগাঁও ধুদাংগাঁৱৰ উজ্বল দত্ত বুলি চিনাক্ত কৰা হৈছে।
আনহাতে আহত হয় মহুৰামুখৰ দেৱাশীষ বৰা নামৰ যুৱকজন।

জানিব পৰা মতে, কমাৰগাঁও দিশৰ পৰা এএছ ০৫এফ ৩৩৬২ নম্বৰৰ স্কুটীৰে যুৱক দুজনে মহুৰামুখলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই খুমটাইৰ মহুৰামুখৰ মোহিনী ৰাজকুমাৰী পথত তেওঁলোকৰ স্কুটীখনে পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাত দুয়োজন যুৱক আহত হয়।
ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত দুই যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত উজ্জ্বল দত্ত নামৰ যুৱকজনৰ মৃত্যু হয়।