‘লাখপতি’ নহয়, এইবাৰ চৰকাৰৰ লক্ষ্য ‘কোটিপতি বাইদেউ’ গঢ়াত, কোনে, কেনেকৈ লাভ কৰিব এই আঁচনিৰ ধন?

নিউজ ডেস্কঃ ‘লাখপতি বাইদেউ’ৰ সাফল্যৰ পিছত এইবাৰ ‘কোটিপতি বাইদেউ’ গঢ়াৰ দিশত আগবাঢ়িছে চৰকাৰে। ত্ৰিপুৰা গ্ৰাম্য জীৱিকা অভিযানে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইএম) কলিকতাৰ সহায়ত ২৫০টা ব্যক্তিগত আৰু গোট উদ্যোগক ‘কোটিপতি বাইদেউ’লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে। বুধবাৰে এই কথা অৱগত কৰে টি আৰ এল এমৰ মুখ্য কাৰ্যবাহী বিষয়া তাৰিত কান্তি চাকমাই।

বৰ্তমান ৰাজ্যৰ ৫৪,২৬৩টা আত্মসহায়ক গোটৰ জৰিয়তে ইতিমধ্যে প্ৰায় ১,০৮,০০০ মহিলাই ‘লাখপতি বাইদেউ’ৰ ধন লাভ কৰিছে।

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে আই আই এম কলিকতাৰ সহায়ত তিনি বছৰৰ ভিতৰত ১০.৬০ কোটি টকাৰ ইনকিউবেচন আঁচনি ৰূপায়ণ কৰি ২৫০ গৰাকী ‘কোটিপতি বাইদেউ’ সৃষ্টি কৰা হ’ব। ৰাজ্যৰ ভাল প্ৰদৰ্শনৰ বাবে কেন্দ্ৰই ১৫০ গৰাকীৰ সলনি ২৫০ গৰাকী ‘কোটিপতি বাইদেউ’ সৃষ্টি কৰাৰ পৰামৰ্শ আগবঢ়াইছে বুলিও তেওঁ সদৰি কৰে।

এই অভিলাষী পৰিকল্পনাৰ অংশ হ’বলৈ আগ্ৰহী মহিলা উদ্যোগীসকলৰ পৰা স্থানীয় বাতৰি কাকতত বিজ্ঞাপনৰ জৰিয়তে টি আৰ এল এমৰ আবেদন আহ্বান কৰিব। বাছনি প্ৰক্ৰিয়াত বাৰ্ষিক ৫ লাখ টকাৰ ব্যৱসায়ৰ আত্মসহায়ক গোটৰ সদস্যক অগ্ৰাধিকাৰ দিয়া হ’ব। অৱশ্যে ব্যক্তিগত পৰ্যায়তো লাভ কৰিব পাৰিব এই আঁচনি।

ইফালে, উপযুক্ত নিৰীক্ষণৰ বাবে জিলা আৰু ব্লক পৰ্যায়ত বিশেষ ইনকিউবেটৰ কোষ স্থাপন কৰা হ’ব। প্ৰশিক্ষণ, ব্যৱসায়িক বিকাশৰ পৰিকল্পনা, ঋণ আৰু বজাৰ সংযোগৰ ব্যৱস্থাও কৰা হ’ব। তাৰিত কান্তি চাকমাই কয় যে টি আৰ এল এমে অতি সোনকালে আই আই এম কলিকতাৰ সৈতে ইনকিউবেটৰ অংশীদাৰ হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব।

Leave a Comment