অগৰতলাঃ ত্ৰিপুৰাৰ খোৱাই জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গাতে লাগি থকা এখন গাঁৱত সংঘটিত হ’ল তীব্ৰ সংঘৰ্ষ। বুধবাৰে সীমান্তত স্থানীয় গাঁওবাসী আৰু গৰু সৰবৰাহকাৰীৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষত নিহত হয় তিনি বাংলাদেশী গৰু সৰবৰাহকাৰী। এই সংঘৰ্ষত স্থানীয় দুজন লোকো আহত হয়। বুধবাৰে চম্পাহাৰ থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী গাঁও বিঘা বিলত সংঘটিত হয় এই ঘটনা।
স্থানীয় ৰাইজৰ পৰা পোৱা খবৰ অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত বিঘা বিলৰ দুজন স্থানীয় লোকে কাম কৰিবলৈ যোৱাৰ পৰাই ঘটনাটো আৰম্ভ হয়। তাতে তিনিজন সন্দেহযুক্ত বাংলাদেশীক গৰু লৈ সীমান্ত অভিমুখে গৈ থকা প্ৰত্যক্ষ কৰে। যেতিয়া গাঁৱৰ মানুহে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া তিনি বাংলাদেশীয়ে স্থানীয় লোক দুজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত দুয়োজন ব্যক্তি আহত হয়।
মুহূৰ্ততে এই বিষয়ে গাঁওবাসী অৱগত হোৱাত সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় গাঁওবাসীয়ে হাতে হাতে লাঠি-জোং-দা লৈ আহি তিনি বাংলাদেশীৰ ওপৰত আক্ৰমণ চলায়। এই গণ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ থিতাতে মৃত্যুবৰণ কৰে সন্দেহযুক্ত বাংলাদেশী গৰু সৰবৰাহকাৰী কেইজনে। পিছত ফৰেনছিক বিশেষজ্ঞৰ সৈতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰা বাংলাদেশী চিম আৰু দুখন ‘দা’ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।
ইফালে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে খোৱাই জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত গাঁওবাসীৰ ভিতৰত এজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে আগৰতলাৰ এজিএমচি আৰু জিবিপি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, আনহাতে আনজন বেহেলাবাৰী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খোৱাই জিলা আৰক্ষী অধীক্ষক ৰানাদিত্য দাসকে ধৰি জ্যেষ্ঠ আৰক্ষী আৰু বি এছ এফৰ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত অব্যাহত আছে।









