খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, স্মৃতি ৰোমন্থন

নিউজ ডেস্কঃ মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখ স্কুল খেলপথাৰত খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীৰ উদ্যোগত ২০ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া অসমবাসীৰ হিয়াৰ আমঠু, আজন্ম শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শিশু, মহিলা নিৰ্বিশেষে তিনি শতাধিক লোকে জুবিন গাৰ্গৰ প্ৰতি লোকে গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেশৱ কলিতা, কনক বৈশ্য, বীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া, ধীৰাজ কলিতা, হেমেন কলিতা, সুভাষ শৰ্মাসহ বহু লোকে খানামুখৰ ব’হাগী উৎসৱৰ লগত জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি উচুপি উঠে।

উল্লেখ্য যে, ২০০৯ চনৰ মে’ মাহত খানামুখ ৰঙালী বিহু বিদায় সন্মিলনীৰ উদ্যোগত আয়োজিত ব’হাগী বিদায়ৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত জুবিন গাৰ্গে প্ৰায় তিনি ঘণ্টা ধৰি গীত পৰিবেশন কৰি কুৰি সহস্ৰাধিক দৰ্শকক আপ্লুত কৰিছিল। সেই সময়ত জুবিন গাৰ্গৰ অন্যতম অনুৰাগী তথা চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ধাৰাপুৰস্থিত ডেল্টা কোম্পানীৰ কোম্পানী কমাণ্ডাৰ মীনা দাস বৰাই দৰ্শকৰ আসনত বহি তেতিয়াৰ জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কুমাৰ দাসৰ সহযোগত এক বিশাল আৰক্ষী-চি আৰ পি এফ বাহিনীক লগত লৈ হাজাৰ হাজাৰ দৰ্শকক নিয়ন্ত্ৰণত ৰাখি জুবিন গাৰ্গৰ অনুষ্ঠান সফলভাবে সম্পন্ন হোৱাত সহযোগিতা আগবঢ়াইছিল।

সেই স্মৃতি আজি ৰোমন্থন কৰি আবেগিক হৈ পৰে বহু অনুৰাগী। উল্লেখ্য, ২০০৯ চনৰ ১৫ মে’ৰ দিনা নিশা তিনিটা গীত পৰিবেশন কৰাৰ পাছতেই বৰষুণ অহাত জুবিন গাৰ্গে নিজেই বতৰ ভাল হ’লে দুদিন পাছত গীত গাবলৈ আহিম বুলি মঞ্চত ঘোষণা কৰিছিল। সেই অনুসৰি ১৭ মে’ত নিশা ১০ বজাৰ পৰা ১ বজালৈ গীত পৰিবেশন কৰি নিজৰ ঘোষণাক বাস্তৱত পৰিণত কৰিছিল জুবিন গাৰ্গে।

Leave a Comment