ইতিহাস ৰেষ্টুৰেণ্টত নিজৰ নামত থকা কোঠালৈ আৰু কেতিয়াও নাহে জুবিন গাৰ্গ!

নিউজ ডেস্কঃ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে শোকৰ বন্যা। নৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুৰ প্ৰৱেশ দ্বাৰত থকা জনপ্ৰিয় ইতিহাস ৰেষ্টুৰেণ্টৰ আছে অন্য এক আত্মিক সম্পৰ্ক। এক কথাত ক’বলৈ গ’লে ইতিহাস ৰেষ্টুৰেণ্ট হৈছে জুবিন গাৰ্গৰ “এভাৰগ্ৰীণ ডেষ্টিনেচন”।

এই চিৰসেউজ ঠিকনাটো যেন আজিৰ পৰা মৰিশালিত পৰিণত হ’ল অনন্তকাললৈ। এই সন্দৰ্ভত ইতিহাস ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী মহানন্দ কুমাৰে অতি বেদনাৰে জানিবলৈ দি কয়, “ভাতৃপ্ৰতীম জুবিন গাৰ্গৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় বৃহৎ ক্ষতি। জুবিনৰ অন্য এটা আপোন ঘৰৰ নাম ইতিহাস ৰেষ্টুৰেণ্ট। ২০০৯ চনৰ পৰাই জুবিন গাৰ্গ আমাৰ ইতিহাস ৰেষ্টুৰেণ্ট পৰিয়ালৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছিল। বিগত ২০০৯ চনত মোৰ ভ্ৰাম্যমাণ থিয়েটাৰ ইতিহাস থিয়েটাৰৰ মৃদুল চুতীয়াৰ ৰচিত “মই আন্ধাৰতো দেখোঁ” নাটখনত ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি/অ’ বতাহ/জোৰকে বলিছ কিয়/নুমাব খুজিছ নেকি/দুখৰ ধূলি উৰুৱাই/মোৰ জীৱন চাকি- গীতটো জুবিন গাৰ্গে নিজেই সংগীত ব্যৱস্থাপনা আৰু কণ্ঠদান কৰাৰ পিছৰে পৰা আজি পৰ্যন্ত জুবিন গাৰ্গে প্ৰতিবছৰে মোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটত কণ্ঠদান কৰাৰ লগতে সংগীত ব্যৱস্থাপনা কৰি আহিছিল।

বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ সাংগীতিক যাত্ৰাত জুবিন গাৰ্গ মোৰ ৰেষ্টুৰেণ্টলৈ প্ৰায়েই আহে। জুবিন গাৰ্গক কিছু জিৰণি দিয়াৰ উদ্দেশ্যে ইতিহাস ৰেষ্টুৰেণ্ট চৌহদত আছুতীয়াকৈ কোঠা এটা নিৰ্মাণ কৰি দিছিলোঁ। “জুবিন গাৰ্গ কক্ষ” নামেৰে নামকৰণ কৰা কোঠাটোত জুবিন ক’ৰবাৰ পৰা আহিলে জিৰণি লয়। সুন্দৰকৈ এখন বিছনা, বহিবলৈ চকী-টেবুল আদি ৰখা হৈছে কোঠাটোত। জুবিন আহি পোৱাৰ লগে-লগে ৰেষ্টুৰেণ্টৰ কোনোবা এজন কৰ্মচাৰীয়ে কোঠাটো খুলি দিয়ে।

দূৰৈত সাংস্কৃতিক অনুষ্ঠান থাকিলে জুবিনৰ বাদ্যযন্ত্ৰীসকল আগতেই আহি ইতিহাস ৰেষ্টুৰেণ্টত উপস্থিত হৈ জুবিনৰ বাবে “জুবিন গাৰ্গ কক্ষ”ত অপেক্ষা কৰি থাকে। এনেকি জুবিনৰ পত্নী গৰিমা গাৰ্গেও সাংস্কৃতিক অনুষ্ঠানৰ বাবে ওলাই আহি জুবিনৰ বাবে এই কোঠাটোত অপেক্ষা কৰি থাকে জুবিনৰ বাবে। সকলো একগোট হোৱাৰ পিছত ইতিহাস ৰেষ্টুৰেণ্টৰ পৰা যাত্ৰা আৰম্ভ কৰে জুবিন গাৰ্গে। বিমানবন্দৰৰ পৰা আহিলেও অথবা ক’ৰবালৈ গ’লেও কিছু সময়ৰ বাবে ইয়ালৈ আহিছিল।

ক’ৰবাৰ পৰা আহিয়েই ৰেষ্টুৰেণ্টৰ আখলত সোমাই ৰসিক কথাৰে কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। জুবিনৰ মৃত্যুৰ খবৰ পাই ৰেষ্টুৰেণ্টৰ প্ৰায় পঞ্চাশ জন কৰ্মচাৰী যেন স্তব্ধ হৈ পৰিছে। কান্দোনত ভাগি পৰিছে কৰ্মচাৰীসকল।”

জুবিন আহি পোৱাৰ লগে লগে আন বহু মানুহ আহি উপস্থিত হয় ৰেষ্টুৰেণ্টত। উদ্দেশ্যে মাথোঁ জুবিনৰ সৈতে একপি ফটো উঠা। জুবিনে কোনোদিনেই খং কৰা দেখা নাপালোঁ। সকলোৰে সৈতে হাঁহিমুখে একপি ফটো উঠিহে ভাল পায়।- মহানন্দ কুমাৰে কৈ যায় সোণসেৰীয়া কথাবোৰ।

ইতিহাস ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ইতিহাস ৰেষ্টুৰেণ্ট চৌহদত “জুবিন গাৰ্গ কেফে” নামেৰে এখন কেফে খোলা হ’ব। উল্লেখ্য যে ইতিহাসত আহিলে বিভিন্ন ভংগিমাত ফটো উঠিছিল বিশ্ববন্দিত শিল্পীগৰাকীয়ে।

Leave a Comment