আইনৰ সুৰুঙাৰে এনেকৈয়ে বাচি যায় এওলোক…

নিউজ ডেস্কঃ সংবিধানে কয়- আইন সকলোৰে বাবে সমান। জনতাইও বিশ্বাস কৰে এই কথা। সেয়ে আন কাৰো ওপৰত জনতাই ভৰষা নকৰিলেও বিশ্বাস কৰে ন্যায়পালিকাৰ ওপৰত।

আইন সকলোৰে বাবে সমান হ’লেও বহু সময়ত আইনৰ সুৰুঙাৰে সৰকি ওলাই আহিবলৈ সক্ষম হয় বহু দাগী অপৰাধী। অতীত খুচৰিলে এনে বহু উদাহৰণ আপুনিও বিচাৰি পাব।

এনে কাৰণতে বহুতেই কেতিয়াবা আইনৰ ওপৰতো বিশ্বাস হেৰুৱাই পেলাব বিচাৰে। ‘খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে’ৰ দৰে আইনৰ ৰক্ষকে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তই অস্বস্তি দিয়ে সাধাৰণ জনতাক।

শেহতীয়াকৈ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতো আইনৰ ৰক্ষকৰ অসমান ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।

মৰিকলং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ পিছত নাম সাঙোৰ খাই পৰিছিল বহু আৰক্ষী বিষয়াৰ।

খাকী পোছাক পিন্ধি সমাজৰ ৰক্ষক হিচাপে কাম কৰা বহু আৰক্ষী বিষয়াৰ ওপৰত উঠিছিল অভিযোগ আঙুলি।

জোনমণি ৰাভাৰ মৃত্যুৱে ৰাজ্যজুৰি সৃষ্টি কৰা জোকাৰণিত কম্পিত হৈ কেইগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল যদিও অভিযোগৰ আঙুলি উঠা আনসকল আৰক্ষী বিষয়াক ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি কৰিয়েই সামৰা হ’ল দায়িত্বৰ।

এনে কাৰণতে আইনৰ ৰক্ষকৰ ওপৰত এতিয়া আস্থা ৰাখিব বিচৰা নাই বহুতে। অভিযোগৰ আঙুলি উঠা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে জোনমণি ৰাভাৰ মৃত্যুক ‘হত্যা’ বুলি প্ৰমাণ কৰিব পৰা হাছিনা বেগম, প্ৰণৱ দাসৰ দৰে লোককহে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

ইয়াৰ মাজতে ঘটিল আন এক ঘটনা। জোনমণি ৰাভাৰ বাহনত যিখন কণ্টেইনাৰ ট্ৰাকে খুন্দা মাৰিছিল, সেই ট্ৰাকখনৰ চালকজনেও এতিয়া জামিনত মুকলি হৈ উভতিল উত্তৰ প্ৰদেশৰ স্বগৃহলৈ।

১৫মে’ৰ নিশা সংঘটিত দুৰ্ঘটনাটোৰ পিছতে পলাতক হৈ আছিল কণ্টেইনাৰ ট্ৰাকখনৰ চালক সুমিত কুমাৰ। দুদিন পিছত তেওঁ নিজে আহি আত্মসমৰ্পণ কৰিছিল জখলাবন্ধা আৰক্ষীৰ ওচৰত। লগে লগে কৰা হৈছিল গ্ৰেপ্তাৰ।

কিন্তু সেই ৰহস্যজনক দুৰ্ঘটনাটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত সুমিত কুমাৰে এতিয়া লাভ কৰিছে জামিন। জামিন লাভ কৰিয়েই ট্ৰাক চালকজনে উভতিছে উত্তৰ প্ৰদেশৰ স্বগৃহলৈ।

এয়া কেনেকৈ সম্ভৱ হ’ল? এই প্ৰশ্ন এতিয়া বহুতৰে মনত উত্থাপন হৈছে। অভিযুক্ত ট্ৰাক চালকজনক জামিনত মুকলি কৰি দি দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসকে বাৰে বাৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।

জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰিছে নগাঁৱৰ তেতিয়াৰ আৰক্ষী অধীক্ষক লীনা দলে, হয়বৰগাঁও আৰক্ষী চকীৰ আইচি আভাজ্যোতি ৰাভাৰ দৰে আৰক্ষী বিষয়াৰ।

সংবাদ মাধ্যমত শেহতীয়াকৈ চৰ্চা চলিছে- মাত্ৰ তিনিবছৰীয়া কাৰ্যকালতে বিশাল সম্পত্তি গঢ়িছে আভাজ্যোতি ৰাভাই। কেইবা লাখটকীয়া মাটি কিনিছে, লাখ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰি আছে সুবিশাল অট্টালিকা।

আভাজ্যোতি ৰাভাক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। সঞ্চালকপ্ৰধান জিপি সিঙে তেওঁৰ সম্পত্তিৰ তদন্ত কৰাৰো প্ৰতিশ্ৰুতি দিছে।

কিন্তু এই তদন্ত কেনেকৈ আগবাঢ়িব, কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব তাক লৈও সন্দেহ কৰিছে বহুতে।

একেদৰে জোনমণি ৰাভাৰ মৃত্যুৰ নিশা ঘৰত তালাচী চলাই মাতৃৰ পৰা নগদ ধন আৰু উকা কাগজত টিপ চহী লৈ অহা নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেকো হাইলাকান্দিলৈ বদলি কৰিয়েই দায়িত্ব সামৰিছে গৃহ বিভাগে। সেয়ে প্ৰশ্ন উঠিছে- এয়া কেনে তদন্ত?

এইখিনিতে আৰু এটা খবৰ- আজি পুনৰ কৰ্তব্যত যোগ দিলে দুবছৰ পূৰ্বে সোণ চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা গুৱাহাটী ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰুৱতীয়ে।

২০২১ চনৰ জুলাই গ্ৰেপ্তাৰ কৰা হৈছিল দুৰ্নীতিগ্ৰস্ত এছআই বদ্ৰীপ্ৰসাদ বাৰুৱতীক। অভিযানৰ সময়ত জব্দ হোৱা সোণ চুৰিৰ অভিযোগ আছিল বদ্ৰীপ্ৰসাদৰ বিৰুদ্ধে।

কাৰ্বিআংলঙত তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা সময়ত সেই সময়ত বদ্ৰীপ্ৰসাদে গঢ়ি তুলিছিল দুৰ্নীতিৰ এখন ক’লা সম্ৰাজ্য। প্ৰেয়সী কনিষ্টবল সৰস্বতী হাচনুৰ আছিল তেওঁৰ এই কলা সাম্ৰাজ্যৰ সহযোগী।

চুৰি কৰা সোণ প্ৰেয়সী সৰস্বতী হাচনুৰৰ ওচৰতে জমা কৰি ৰাখিছিল বদ্ৰীপ্ৰসাদ বাৰুৱতীয়ে। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁকো।

কিন্তু দুবছৰ পিছত এতিয়া পুনৰ কৰ্তব্যলৈ উভতি আহিছে এছ আই বদ্ৰীপ্ৰসাদ। সোণ চুৰিৰ দৰে ভয়ংকৰ অপৰাধত অভিযুক্ত হোৱাৰ পিছতো তেওঁ কেনেকৈ আকৌ খাকী পোছাক পিন্ধাৰ সুযোগ পালে বুলি সেয়ে এতিয়া প্ৰশ্ন কৰিছে অনেকে।

আইনৰ সুৰুঙাৰে এনেদৰে সৰকি অহা আৰক্ষী বিষয়া আৰু বৰ বৰ লোকৰ কৰ্মকাণ্ডই সাধাৰণ জনতাৰ আইনৰ ওপৰতে আস্থা বহু লাঘৱ কৰি পেলাইছে।