আজৱ কাণ্ড! প্ৰচণ্ড গৰমে দহিছে দেশ, কিন্তু ঈদ উপলক্ষ্যে দুখীয়াৰ মাজত কম্বল বিতৰণ এজন বিধায়কৰ…

নিউজ ডেস্কঃ তীব্ৰ গৰমে দহিছে সমগ্ৰ দেশ। ব’হাগৰ প্ৰথম সপ্তাহতে খাও খাও ৰূপ বেলিৰ।

দেহ দেই নিয়া গৰমৰ পৰা হাত সাৰিবলৈ কোনোৱে যদি শীতল পানীয়ৰ আশ্ৰয় লৈছে, আন কোনোৱে আকৌ হেঁপাহ পলুৱাই ধুইছে গা।

এই মুহূৰ্তত সামৰ্থৱান সকলে এচিৰ তলত আৰু মধ্যবিত্ত আৰু দুখীয়া সকলে ফেন অথবা বিচনীৰ বা লগাই গা শাত পেলোৱাৰ প্ৰয়াস কৰিছে।

কিন্তু এই গৰমৰ মাজতেই আহি আছে ঈদ। ঈদ মানেই মুছলমান সকলৰ অপেক্ষাৰ দিনটো। এয়া ৰমজান মাহ।

ইছলাম ধৰ্মাৱলম্বীসকলৰ এই পৱিত্ৰ দিনটোৰ প্ৰাকক্ষণত নেতা-মন্ত্ৰী-বিধায়কসকল বহি থাকেই বা কেনেকৈ?

সেয়ে কোনোবাই যদি ইফতাৰ পাৰ্টীৰ আয়োজন কৰিছে, আন কোনো নেতাই দুখীয়াৰ মাজত বিতৰণ কৰিছে খাদ্য সামগ্ৰী।

কোনোৱে কোনোৱে আকৌ বিলাইছে কাপোৰো। তেওঁলোকৰ বাবে জনতাৰ মন জয় কৰাৰ এয়া এক সঠিক সময়।

কিন্তু ইছলাম ধৰ্মাৱলম্বীৰ মন জয় কৰিবলৈ গৈ পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ এগৰাকী বিধায়কে গ্ৰহণ কৰা পদক্ষেপেহে এতিয়া চকু কপালত তুলিছে সকলোৰে।

আচলতে ঈদ উপলক্ষ্যে বিধায়কজনে দৰিদ্ৰ মুছলমানৰ মাজত কাপোৰ বিতৰণৰ সিদ্ধান্ত লৈছিল। বিতৰণ কৰিলেও। কিন্তু আন কাপোৰ নহয়, বিধায়ক মহোদয়ে বিতৰণ কৰিলে কম্বলহে।

প্ৰচণ্ড গৰম আৰু ৰ’দে গা পোৰা এনেহেন দিনত দুখীয়াৰ মাজত কম্বল বিতৰণ কৰা বিধায়কক লৈ এতিয়া কোনোৱে যদি হাঁহিছে, আন কোনোৱে আকৌ বিধায়কৰ অজ্ঞানতাৰ বাবে পুতৌ দেখুৱাইছে।

দৰচালতে পশ্চিমবংগৰ নদিয়া জিলাৰ কৰিমপুৰৰ টিএমচি বিধায়ক বিমলেন্দু সিং ৰায়ে সংঘটিত কৰে এই কাণ্ড।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিধায়কজনৰ কম্বল বিতৰণ কাৰ্যসূচীৰ ফটো আৰু ভিডিঅ’।

ৰাজ্যখনৰ বিৰোধী বিজেপিয়েও এই কাৰ্যক লৈ চৰকাৰ আৰু টিএমচিক সমালোচনা কৰাৰ সুযোগ পাইছে।

বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে টিএমচিৰ বিধায়কজনৰ এই কাৰ্য মুখাৰ্মি বুলি অভিহিত কৰিছে।