নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মৰ্মান্তিক দুৰ্ঘটনা।
ভাৰতীয় সেনাৰ বাহনত জুইৰ সূত্ৰপাত ঘটি শ্বহীদ ৪ গৰাকী জোৱান।
আনহাতে বাহনৰ ভিতৰত এতিয়াও ৪-৫ গৰাকী জোৱান আৱদ্ধ হৈ থকাৰ আশংকা ব্যক্ত কৰা হৈছে।
জম্মু-কাশ্মীৰৰ পুঞ্চ-জম্মু ঘাইপথৰ ভাটাদুদিয়ান অঞ্চলত সংঘটিত হয় এই ঘটনা।
ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈছে সেনাৰ উচ্চস্থৰীয় বিষয়া।
সেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
বাতৰি অনুসৰি, জুইৰ সূত্ৰপাত ঘটা বাহনখনত অস্ত্ৰ-শস্ত্ৰৰ লগতে আছিল ডিজেলো।
যাৰ বাবে জুইয়ে নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়।
অৱশ্যে এই দুৰ্ঘটনা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য সদৰী কৰা নাই সেনাই।
VIDEO | Indian Army vehicle catches fire in Jammu and Kashmir's Poonch sector. More details are awaited. pic.twitter.com/E4gyvthM54
— Press Trust of India (@PTI_News) April 20, 2023