ভাল খবৰ! অষ্ট্ৰেলিয়াৰ এখন বিশ্ববিদ্যালয়ত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ব এগৰাকী অসমীয়া নাৰীৰ নাম…

নিউজ ডেস্কঃ বিশ্বৰ এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ৰ বুকুত চিৰদিনৰ বাবে খোদিত হৈ ৰ’ব এগৰাকী মহিয়সী অসমীয়া নাৰীৰ নাম।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ কেনছিংটনস্থিত ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচ-য়ে অসমীয়া বিশিষ্ট নাৰীগৰাকীৰ নামেৰে বিশ্ববিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহৰ নামকৰণৰ ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসমবাসী।

উল্লেখ্য যে, ১৯৫৫ চনত বিশ্ববিদ্যালয়খনৰ আমন্ত্ৰণত এক বিশেষ দুবছৰীয়া খাদ্য প্ৰযুক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল গুৱাহাটীৰ খাৰঘূলিৰ নিৱাসী তথা শিক্ষাবিদ মহেন্দ্ৰ নাথ গোহাঁইৰ সুযোগ্যা কন্যা আৰু বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোঁহাইৰ জ্যেষ্ঠ ভগ্নী অন্নদা গোঁহাইয়ে।

১৯৫৯ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী।

শেহতীয়াকৈ ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচে নতুনকৈ নিৰ্মাণ কৰা ১৭টা বিল্ডিঙৰ নতুনকৈ নামকৰণৰ সিদ্ধান্ত লৈছিল।

বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ নামেৰে কৰ্তৃপক্ষই নামকৰণ কৰিব বিচাৰিছিল বিল্ডিঙসমূহৰ নাম।

তেনে পৰিপ্ৰেক্ষিততে অসমৰ পৰা গৈ বিশ্ববিদ্যালয়খনত ভৰি দিয়া অন্নদা গোঁহাইৰ নামেৰে বিশ্ববিদ্যালয়ৰ নৱ নিৰ্মিত GO-6 প্ৰেক্ষাগৃহটোৰ নামকৰণৰ সিদ্ধান্ত লয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয়খনে সদৰী কৰা মতে, মহিলাৰ পদাংক অধিক শক্তিশালী কৰাৰ বাবেই গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

প্ৰণিধানযোগ্য যে, অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাপে সেৱা আগবঢ়াই ২০০৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অন্নদা গোঁহাইয়ে।

২০১১ চনৰ ১৯ ছেপ্তেম্বৰত ৮১ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

কিন্তু মৃত্যুৰ পিছতো তেওঁ অধ্যয়ন কৰি অহা বিশ্ববিদ্যালয়খনে তেওঁৰ নাম যুগমীয়া কৰি ৰখাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া আনন্দিত কৰিছে সকলোকে।