গুৱাহাটীঃ সংগীত আৰু প্ৰেমৰ এক কৰুণগাথাই বিভোৰ কৰা আজি এটা বিশেষ দিন। ৯ বছৰ পূৰ্বে আজিৰ দিনটোতে যুগ্ম জীৱনৰ পাতনি মেলিছিল প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া আৰু উপাসনা বকলিয়ালে। ২০১৬ চনৰ এই দিনটোতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল আৰু হাতত হাত ধৰি একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল। ৰাজীৱে সেইদিনা মৰমৰ উপহাৰস্বৰূপে উপাসনাৰ হাতত তুলি দিছিল পাঁচ হাজাৰ টকা। কথা দিছিল আজীৱন একেলগে থকাৰ।
বিবাহৰ এই ৯ বছৰীয়া যাত্ৰাৰ কথা স্মৰণ কৰি আজি আবেগিক হৈ পৰিছে ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল। সামাজিক মাধ্যমত এটা আবেগিক পোষ্টৰ জৰিয়তে তেওঁ ব্যক্ত কৰিছে গুপুত ব্যাথাবোৰ।

উপাসনাই তেওঁৰ পোষ্টত লিখিছে- ‘২০১৬চনৰ আজিৰ দিনটোতেই ৰাজীৱ দাৰ স’তে যুগ্মজীৱনৰ পাতনি মেলিছিলো। হাতত হাত ধৰি মোক কৈছিল- আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী, তোমাৰ লগত সদায় থাকিম। তোমাক আজি মোৰ দিবলৈ একোৱেই নাই এইটোকে দিছো আৰু- এনেকৈ কৈ জেপৰ পৰা টকা পাঁচহাজাৰ দিছিল। আপুনি আপোনাৰ মৰমেৰে মোক সদায়েই সমৃদ্ধ কৰি ৰাখিছে…।’
উল্লেখ্য যে, যোৱা বৰ্ষৰ ১৩ জানুৱাৰীত মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাতে হঠাতে অসুস্থ হৈ পৰা শিল্পীগৰাকীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। শিল্পীগৰাকীৰ বিয়োগৰ পাছতো তেওঁৰ অম্লান স্মৃতি আৰু পত্নীৰ গভীৰ মৰমে আজিও সংগীতপ্ৰেমীসকলৰ অন্তৰত এক বিশেষ আৱেগৰ সৃষ্টি কৰিছে।









