নিউজ ডেস্কঃ ঝাৰখণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপটত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থকা এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে এতিয়া আইনী জটিলতাই এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
প্ৰায় ৩৩ বছৰ পুৰণি এটা বোমা বিস্ফোৰণৰ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেন মঙলবাৰে চাইবাছাৰ এমপি-এমএলএ আদালতত হাজিৰ হয় আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ গঠন কৰা হয়। এই ঐতিহাসিক গোচৰটোৱে বৰ্তমান ৰাজ্যখনৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।
উল্লেখ্য যে, ১৯৯৩ চনৰ এই গোচৰটোত চম্পাই চোৰেনৰ উপৰি শ্যাম নন্দন টুডু আৰু অৰুণ মাহাতোৰ বিৰুদ্ধেও বিস্ফোৰক পদাৰ্থ আইনৰ ৪, ৫ আৰু ৬ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১২০-বি আৰু ২০১ ধাৰাৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে।

শুনানিৰ সময়ত চম্পাই চোৰেনে আদালতৰ সন্মুখত নিজকে নিৰ্দোষী বুলি দাবী কৰে আৰু বিচাৰ প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ সাজু বুলি উল্লেখ কৰে। আদালতৰ মৰ্যাদাৰ প্ৰতি সন্মান জনাই তেওঁ কয় যে বিচাৰ বিভাগৰ সিদ্ধান্তই হ’ব সৰ্বোপৰি।
ইফালে চম্পাই চোৰেনৰ ৰাজনৈতিক স্থিতিৰ কথা ক’বলৈ গ’লে, তেওঁ সৰাইকেলা বিধানসভা সমষ্টিৰ পৰা সাতবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ২০২৪ চনত হেমন্ত চোৰেন কাৰাগাৰলৈ যোৱাৰ সময়ত তেওঁ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত দলীয় নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

তদুপৰি এই আইনী প্ৰক্ৰিয়াৰ মাজতে তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে। বৰ্তমান বিজেপিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চম্পাই চোৰেনৰ বিৰুদ্ধে চলা এই বিচাৰ প্ৰক্ৰিয়াই আগন্তুক দিনত কি মোৰ লয়, সেয়া লক্ষণীয় হ’ব।









