প্ৰেমিক চোৰ! বিদ্যালয়ৰ ব্লেকব’ৰ্ডত ‘আই লাভ ইউ’ লিখি চুৰি কৰি লৈ গ’ল চিলিং ফেন, কম্পিউটাৰ, গেছ চিলিণ্ডাৰ…

নিউজ ডেস্কঃ কেতিয়াবা কিছুমান চোৰৰ কাণ্ডই ক্ষোভৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে দি যায় হাঁহিৰ খোৰাক।

তেনে এক চুৰি কাণ্ডই এইবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ছিপাঝাৰত।

ছিপাঝাৰৰ লেঙা-কুৰুৱা আদৰ্শ হাইস্কুলত সংঘটিত এই চুৰিকাণ্ড।

নিশা বিদ্যালয়ত প্ৰৱেশ কৰি চোৰে চুৰি কৰি লৈ যায় বিদ্যালয়খনৰ চিলিং ফেন, বাচন-বৰ্তনকে ধৰি বহু সামগ্ৰী।

কিন্তু এই চুৰি কাৰ্য সংঘটিত কৰি চোৰে বিদ্যালয়ৰ ব্লেক ব’ৰ্ডত লিখি থৈ যায় এটা শাৰী।

চোৰে ব্লেকব’ৰ্ডত লিখি থৈ যায়- ‘আই লাভ ইউ, মই চোৰ’ বুলি।

জানিব পৰা মতে, চোৰে নিশা বিদ্যালয়খনৰ পৰা ১১ খন চিলিং ফেন, ৪টা কম্পিউটাৰ, ৪টা পানী-মটৰ, ১.৫ লাখ টকাৰ বাচন, ২টা পানী ফিল্টাৰ আৰু ২টা চিলিণ্ডাৰকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়ে।

পুৱা বিদ্যালয়ৰ শিক্ষকে এই চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।