মাতৃস্নেহ! অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে কিডনী বিক্ৰী কৰিবলৈ ওলাই আহিল কিশোৰ পুত্ৰ, তাৰ পিছত…

নিউজ ডেস্কঃ মাতৃ আৰু সন্তানৰ সম্পৰ্কক হয়তো পৃথিৱীৰ আন কোনো সম্পৰ্কৰ সৈতে তুলনা কৰা অসম্ভৱ।

সন্তানৰ হিতৰ বাবে যিকোনো চৰম পৰ্যায়লৈ যাব পাৰে এগৰাকী মাতৃ।

কিন্তু আধুনিকতাৰ পৰশ লগা সমাজখনত পিতৃ-মাতৃৰ প্ৰতি সমানেই দায়বদ্ধ জানো সন্তান? এই প্ৰশ্নৰ দিবলৈ হ’লে হয়তো একে আষাৰত ক’ব পাৰি- নহয়।

সন্তানৰ অৱহেলাৰ বাবেই আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বত গঢ় লৈ উঠিছে লেখহীন বৃদ্ধাশ্ৰম। য’ত সন্তানৰ পৰা বিচ্ছিন্ন হৈ জীৱনৰ শেষ সময় পাৰ কৰিবলগীয়া হৈছে অলেখ পিতৃ-মাতৃয়ে।

সমাজৰ এনে নিষ্ঠুৰ সত্যৰ মাজতে কিন্তু বিহাৰৰ গয়াত চৰ্চিত হৈ পৰিল এগৰাকী মাতৃৰ প্ৰতি সন্তানে দেখুওৱা স্নেহ।

অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে নিজৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগও বিক্ৰী কৰিবলৈ ওলাই আহিল এজন কিশোৰ পুত্ৰ।

দৰাচলতে গয়া জিলাৰ নিৱাসী দিপাংশুৰ পিতৃৰ মৃত্যু ঘটিছিল কিছু বছৰ আগতেই।

পিতৃৰ মৃত্যুৰ পিছত অতি কষ্টৰে মাতৃয়ে ডাঙৰ দীঘল কৰিছিল দিপাংশুক। পিছত অভাৱী মাতৃক সহায় কৰিবলৈ এখন হোটেলত কাম কৰিবলৈ আৰম্ভ কৰিছিল কিশোৰজনে।

কিন্তু শেহতীয়াকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰে দিপাংশুৰ মাতৃ। তেওঁৰ এখন ভৰি ভাঙি যোৱাত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে।

এনে অৱস্থাত কিশোৰ দিপাংশুৱে মাতৃৰ চিকিৎসা কৰি সকলো কষ্টৰ পৰা মুক্ত কৰাব বিচাৰিছিল, কিন্তু তাৰ বাবে হাতত নাছিল ধন।

সেই সময়তে দিপাংশুৱে ক’ৰবাত শুনিবলৈ পায় যে কিডনী বিক্ৰী কৰিলে তেওঁ বহুত টকা লাভ কৰিব আৰু সেই টকাৰে তেওঁ মাতৃৰ চিকিৎসা কৰাব পাৰিব।

ইয়াৰ পিছতে দিপাংশুৱে মাতৃক সুস্থ কৰাৰ স্বাৰ্থত কিডনীৰ বাবে ক্ৰেতাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে।

দিপাংশুৱে ৰাঁচীৰ খন ব্যক্তিগত হাস্পতাললৈ গৈ তাতো কিডনীৰ ক্ৰেতা বিচাৰিবলৈ ধৰে।

কিশোৰজনে হাস্পতালত তেওঁৰ কিডনীৰ বাবে ক্ৰেতা নাপালেও সেই সময়ত তেওঁৰ সাক্ষাৎ ঘটে হাস্পতালখনৰ এজন কৰ্মচাৰীৰ সৈতে।

দিপাংশুৰ মুখৰ পৰা সকলো কথা জনাৰ পিছত কৰ্মচাৰীজনে কিশোৰজনক চিকিৎসক ডা০ বিকাশৰ সৈতে পৰিচয় কৰাই দিয়ে।

ইয়াৰ পিছতে ডা০ বিকাশে দিপাংশুৰ মাতৃৰ বিনামূলীয়া চিকিৎসা কৰাৰ আশ্বাস দি তেওঁক হাস্পতাললৈ আনি ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে কিশোৰজনক।

কিন্তু এয়া কেৱল জানো মাতৃস্নেহৰ কথাই? নিশ্চয় নহয়, সমান্তৰালভাৱে এয়া দেশৰ স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাৰ কথাও।

যিখন দেশত চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসাৰ নামতো হাজাৰ হাজাৰ টকা পৰীক্ষা আৰু ঔষধৰ নামত ভৰিবলগীয়া হয়, সেইখন দেশত দিপাংশুৰ এই মানসিক অৱস্থা মাত্ৰ এটা উদাহৰণহে।

যাৰ বাবে মাতৃৰ চিকিৎসাৰ বাবে কিডনী বিক্ৰীৰ দৰে শাস্তিযোগ্য অপৰাধ কৰিবলৈও আগবাঢ়ি অহা দিপাংশুক লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত।

একে সময়তে বিহাৰ তথা সমগ্ৰ দেশৰ চিকিৎসা ব্যৱস্থাৰ ভেকোঁভাওনাক লৈও অনেকে প্ৰশ্ন উত্থাপন কৰিছে।