জম্মু-কাশ্মীৰত পুনৰ সেনাৰ বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ! শ্বহীদ ৫ বীৰ জোৱান…

নিউজ ডেস্কঃ আকৌ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা কাণ্ড সন্দৰ্ভত প্ৰকাশ কৰা বিস্ফোৰক তথ্য ফাদিলক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সময়তে পুনৰ সেনাৰ কনভয়ত চলিল সন্ত্ৰাসবাদীৰ আক্ৰমণ।

এইবাৰ পুঞ্চ জিলাত সেনাৰ বাহনত গ্ৰেণেড আক্ৰমণ সন্ত্ৰাসবাদীৰ।

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে পথৰ ওপৰতে দাউদাউকৈ জ্বলি উঠিল সেনাৰ বাহন।

এই ভয়ংকৰ আক্ৰমণত শ্বহীদ ৫ গৰাকী ভাৰতীয় বীৰ সেনা জোৱান।

জম্মু-পুঞ্চ ঘাইপথত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা।

ইতিমধ্যে সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰিছে সেনা প্ৰধানে।

আক্ৰমণৰ ঘটনাৰ নিৰ্দেশ প্ৰদান কৰি সমগ্ৰ অঞ্চলটোতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান অব্যাহত ৰাখিছে সেনাই।

উল্লেখ্য যে, ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল ৪০ গৰাকী ভাৰতীয় জোৱান।