মৰ্মান্তিক! বিয়া খাবলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত এটা পৰিয়াল, পিতৃ-কন্যাৰ মৃত্যু

নিউজ ডেস্কঃ বিয়া খাবলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু পিতৃ-কন্যাৰ।

দেওবাৰে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ ভাতকুছিত।

দুৰ্ঘটনাত পিতৃ-কন্যাৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছে শিশুসহ ৪ জন লোক।

নিহত পিতৃ-কন্যাক শিৱ প্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, পৰিয়ালটোৱে মঙলদৈৰ পৰা বৰপেটালৈ বুলি এখন বিয়াত অংশগ্ৰহণৰ বাবে গৈ আছিল।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।