ছিকিমত পথ দুৰ্ঘটনাত আহত ১৩ ভাৰতীয় জোৱান! বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ…

নিউজ ডেস্কঃ ছিক্কিমত সংঘটিত ভূস্খলন আৰু প্ৰতিকূল বতৰৰ মাজতে পথ দুৰ্ঘটনাত আহত ১৩ গৰাকী ভাৰতীয় সেনা জোৱানক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় বায়ু সেনাই।

বুধবাৰে উত্তৰ ছিকিমৰ পাহাৰীয়া অঞ্চলত আৱদ্ধ হৈ থকা জোৱান কেইগৰাকীক বায়ু সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে সেনাই।

এই তথ্য টুইটযোগে সদৰী কৰি ভাৰতীয় বায়ু সেনাই কয় যে ১৪ হাজাৰ ফুট উচ্চতাত থকা অঞ্চলটোৰ পৰা সেনা জোৱানসকল সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, বুধবাৰে উত্তৰ ছিকিমৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পথ দুৰ্ঘটনাত পতিত হৈছিল সেনা জোৱান কেইজন।

এই খবৰ লাভ কৰাৰ পিছতে বায়ু সেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলায়।

কিন্তু প্ৰতিকূল বতৰ আৰু ভূস্খলনৰ বাবে উদ্ধাৰ অভিযানত কিছু পলম হয়।