অসমীয়াৰাষ্ট্ৰীয়

অনন্য! ৬০০ৰ ভিতৰত ৬০০ নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণীত শীৰ্ষস্থান দখল কাঠমিস্ত্ৰীৰ কন্যা নন্দিনীৰ…

নিউজ ডেস্কঃ সফলতা কাৰো কোলাত আহি উবুৰি খাই নপৰে। কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আৰু প্ৰৱল ইচ্ছাশক্তিয়ে আনি দিয়ে সফলতাৰ সোৱাদ।

এগৰাকী সাধাৰণ কাঠমিস্ত্ৰীৰ কন্যা এছ নন্দিনী। দেউতাকৰ অলপীয়া উপাৰ্জনেৰে কোনোমতে পেটে-ভাতে চলি থকা তেওঁলোকৰ পৰিয়াল।

কিন্তু সেই দুখীয়া পৰিয়ালটোৰে কন্যা এছ নন্দিনীয়ে শেহতীয়াকৈ উজ্বলি উঠিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত।

image 37

৬টা বিষয়ত এশৰ ভিতৰত এশ নম্বৰকৈ লাভ কৰি মুঠ ৬০০ নম্বৰেৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে এছ নন্দিনীয়ে।

তামিলনাডুৰ ডিণ্ডগুল জিলাৰ নিৱাসী এছ নন্দিনীয়ে অন্নমলাইয়াৰ মিলছ গাৰ্লছ হায়াৰ চেকণ্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈছিল দ্বাদশ শ্ৰেণীৰ অৰ্থাৎ এইচ এছ চিৰ পৰীক্ষাত।

যোৱা ৮ মে’ত তামিলনাডু চৰকাৰী পৰীক্ষা সঞ্চালকালয়ে ঘোষণা কৰে এই পৰীক্ষাৰ ফলাফল।

image 38

তাৰ পিছতে আনন্দৰ স্ৰোত বয় নন্দিনীৰ ঘৰলৈ।

মুঠ ৬০০ নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা এছ নন্দিনীক এতিয়া অভিনন্দন আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে সকলোৱে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত এই সফলতাত আনন্দ ব্যক্ত কৰি নন্দিনীয়ে কয়, ‘দেউতাৰ উপাৰ্জন যদিও সীমিত, কিন্তু দেউতাই সদায় মোক পঢ়াৰ প্ৰতি উৎসাহিত কৰি আহিছে। যাৰ বাবে মই আজি এই ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো।’

image 39

ইফালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে নন্দিনীৰ এই ফলাফলত আনন্দ ব্যক্ত কৰি তেওঁৰ উচ্চ শিক্ষাৰ সমস্ত দায়িত্ব চৰকাৰৰ তৰফৰ পৰা বহন কৰাৰ আশ্বাস প্ৰদান কৰিছে।