মৰ্মান্তিক! পথৰ দাঁতিত স্কুল বাছৰ বাবে ৰৈ থকা শিশুক মহতিয়াই লৈ গ’ৰ দ্ৰুতবেগী বাহনে, ৩ কণমানিৰ মৃত্যু

নিউজ ডেস্কঃ পুৱা স্কুল বাছৰ বাবে পথৰ দাঁতিত ৰৈ থকা সময়তে এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে কেইবাটাও শিশুক মহতিয়াই লৈ যোৱাত মৃত্যুক সাৱটি লয় ৩ কণমানিক।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ দৌকি অঞ্চলত।

জানিব পৰা মতে, অঞ্চলটোৰ কেইবাটাও কণ কণ শিশুৱে পুৱা বিদ্যালয়লৈ যাবলৈ পথৰ দাঁতিত স্কুল বাছৰ বাবে অপেক্ষা কৰি আছিল।

সেই সময়তে এখন দ্ৰুতবেগী চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৫টি শিশুক মহতিয়াই নিয়াত ঘটনাস্থলীতে মৃত্যু ঘটে তিনিটি শিশুৰ।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুটি শিশুক সংকটজনক অৱস্থাত গাঁওবাসীয়ে ভৰ্তি কৰে হাস্পতালত।

এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে ফতেহাবাদ-আগ্ৰা পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হয়।