নিউজ ডেস্কঃ ভাতৃৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ লৈ স্কুটীৰে উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত আঢ়ৈ বছৰীয়া পুত্ৰসহ মৃত্যুক সাৱটি ল’লে এজন যুৱকে।
এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কোজিকোডৰ কোৰাপুজা নদীৰ কেলাপ্পাজী দলঙত।
নিহত লোকজনক অতুল বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুৰ্ঘটনাটোত মৃত্যু ঘটে তেওঁৰ আঢ়ৈ বছৰীয়া পুত্ৰ আনভিকৰ।
দুৰ্ঘটনাত আহত হয় অতুলৰ মাতৃ আৰু পত্নী।
নিহত আৰু আহত পৰিয়ালটো ৱেষ্টহিল চুংগামৰ নিৱাসী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বডাকাৰত থকা জ্যেষ্ঠ ভাতৃৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশ লৈ নিশা স্কুটীৰে মাতৃ, পত্নী আৰু আঢ়ৈ বছৰীয়া সন্তানসহ ঘৰলৈ উভতিছিল অতুল।
সেই সময়তে কেলাপ্পাজী দলঙৰ ওপৰত এখন চাৰিচকীয়া বাহনে তেওঁলোকৰ স্কুটীত খুন্দা মৰাত থিতাতে মৃত্যু ঘটে অতুল আৰু পুত্ৰ আনভিকৰ।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত মাতৃ কৃষ্ণবেণী আৰু পত্নী মায়াক হাস্পতাললৈ প্ৰেৰণ কৰে।