নিউজ ডেস্কঃ সকলোৰে বাবে সমান আইন।
সেয়ে এইবাৰ আইন অমান্য কৰি জৰিমনা ভৰিবলগীয়া হ’ল খোদ আৰক্ষীয়ে।
ন’ পাৰ্কিঙত গাড়ী ৰখাই আৰক্ষীয়ে ভৰিবলগীয়া হ’ল ২০০০ টকাৰ জৰিমনা।
এই ঘটনা নগাঁও চহৰৰ ইটাচালীৰ।
জানিব পৰা মতে, তীব্ৰ যান-জঁট লাঘৱ কৰাৰ বাবে ইটাচালীত ন’ পাৰ্কিং বোৰ্ড আঁৰিছিল যান-বাহন আৰক্ষীয়ে।
কিন্তু সেই ন’ পাৰ্কিঙতে ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰখায় আৰক্ষীৰ বলেৰ’ বাহনখন।
যাৰ ফলত এএছ ৩০ ৮৮১২ নম্বৰৰ বাহনখনত হুইল ক্লেম্প লগাই জৰিমনা বিহে আৰক্ষীয়ে।