
নিউজ ডেস্কঃ বাৰিষাৰ নৈত গা ধুবলৈ গৈ কোকৰাঝাৰত এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সন্ধানহীন হোৱাৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, কোকৰাঝাৰস্থিত বিবি ইঞ্জিনিয়াৰিং কলেজৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ তথা গুৱাহাটীৰ মিৰ্জা নিৱাসী অন্তৰীক্ষ শৰ্মা নামৰ ১৯ বছৰীয়া যুৱকজন বুধবাৰে গৌৰাং নদীত গা ধুবলৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে।
ছাত্ৰজনৰ সন্ধানত আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে গৌৰাং নৈত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে অন্তৰীক্ষৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

খবৰ অনুসৰি, বুধবাৰে বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰৰ এটা ৫ জনীয়া দলে বিয়লি প্ৰায় ৪.৩০ বজাত চান্দামাৰীৰ গৌৰাং নৈত গা ধুবলৈ গৈছিল।
নৈত নামি ছাত্ৰৰ দলটোৱে গা ধুই থকা সময়তে সন্ধানহীন হৈ পৰে অন্তৰীক্ষ শৰ্মা নামৰ ছাত্ৰজন।
লগে লগে দলটোৰ আন আন ছাত্ৰসকলৰ মাজত হাহাকাৰ লাগে আৰু এই বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে।
পৰৱৰ্তী সময়ত মহাবিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত গৌৰাং নৈৰ পাৰত উপস্থিত হৈ আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
অন্তৰীক্ষৰ সৈতে একেলগৈ নৈত গা ধুবলৈ যোৱা বন্ধুৱে জানিবলৈ দিয়া মতে, সাঁতুৰিব নাজানিছিল অন্তৰীক্ষে। তেওঁ নৈৰ পানীত নামি গা ধুই থাকোতেই দ গৰাত পিছলি সোঁতত উটি যায়।
বাকী বন্ধুসকলে ছাত্ৰজনক বচাবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত লগে লগে মহাবিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
লগতে চাওকঃ
মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

মৰ্মান্তিক! ঘৰৰ চৌহদতে বজ্ৰাঘাতত কৰুণ মৃত্যু যুৱকৰ…

2 Comments