
১৬ দিনৰ পিছত উদ্ধাৰ হ’ল নলবাৰীত বন্যাৰ্তক সাহায্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন হোৱা পৰেশ বৰ্মনৰ মৃতদেহ
নিউজ ডেস্কঃ উদ্ধাৰ হ’ল বান সাহায্য দিবলৈ গৈ নিখোজ হৈ থকা নলবাৰীৰ পৰেশ বৰ্মনৰ মৃতদেহ!
যোৱা ২০ জুনৰ পৰাই সন্ধানহীন হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকৰ বন্যা নামিছে নলবাৰীত।
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে বানত ডুবিছিল নলবাৰী জিলাও।
সেই সময়তে বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰি ঘৰলৈ উভতি অহাৰ পথতে সন্ধানহীন হৈ পৰিছিল বলোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী পৰেশ বৰ্মন।

২০ জুনত বৰ্মন নিখোজ হোৱাৰ পিছতে তেওঁৰ সন্ধানত নামি পৰিছিল আৰক্ষী আৰু উদ্ধাৰকাৰী দল। কিন্তু তৎসত্বেও স্বাস্থ্যকৰ্মী গৰাকীৰ কোনো সম্ভেদ লাভ কৰা হোৱা নাছিল।
কিন্তু সুদীৰ্ঘ ১৬ দিনৰ পিছত পাগলিয়া নৈৰ বালিচৰত পোত খাই থকা অৱস্থাত উদ্ধাৰ হয় পৰেশ বৰ্মনৰ মৃতদেহ। ইতিমধ্যে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
৫৭ বছৰীয়া পৰেশ বৰ্মনৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোকো।
লগতে চাওকঃ
শোকাবহ! নৈত গা ধুবলৈ গৈ কোকৰাঝাৰ ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ সন্ধানহীন







Pingback: জোৰ কৰি বিদ্যুৎ পৰিবাহী খুঁটাত তুলি দিছিল গাঁওবুঢ়াই, তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু যুৱকৰ - NEWS8 NorthEast