নিউজ ডেস্কঃ আজি পবিতৰা অভয়ৰাণ্য ভ্ৰমণ কৰিব অসমত থকা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে। খবৰ অনুসৰি, আজি বিয়লি তেওঁ সপৰিয়ালে উপস্থিত হ’ব পবিতৰাত।
উল্লেখ্য যে, মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰে সপৰিয়ালে।
ইয়াৰ পিছতে আজি তেওঁৰ পবিতৰা ভ্ৰমণ উপলক্ষ্যে অভয়াৰণ্যখনত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। দোভালে প্ৰশান্তি ল’জত বিনোদনৰ মুহূৰ্ত পাৰ কৰিব বুলি জানিব পৰা গৈছে। যাৰ বাবে ল’জখন আটকধুনীয়াকৈ সজাই তোলা হৈছে।









