
মৰ্মান্তিক! স্কুললৈ ওলাই অহাৰ পিছতে সেনা বাহিনীৰ বাহনৰ খুন্দাত অকাল মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰী লাৱণ্যৰ…
নিউজ ডেস্কঃ মঙলবাৰে পুৱাই মহানগৰীৰ মালিগাঁৱত সংঘটিত এক দুৰ্ঘটনাই নমাই আনিছে শোকৰ বন্যা।
পুৱা বিদ্যালয়লৈ বুলি ওলাই অহাৰ পিছতে সেনা বাহিনীৰ বাহনৰ খুন্দাত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে।
মালিগাঁৱৰ ৩নং গেটত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত ছাত্ৰীগৰাকীৰ নাম লাৱণ্য পাল বুলি জানিব পৰা গৈছে।
মালিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল লাৱণ্য।





