বিধায়কৰ বাহনত প্ৰচণ্ড খুন্দা বলেৰ’ৰ! সপত্নীক আহত মাজুলীৰ বিধায়ক ভূৱন গাম, হাস্পতালত ভৰ্তি

নিউজ ডেস্কঃ দুৰ্ঘটনাত পতিত মাজুলী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ভূৱন গামৰ বাহন।

তেজপুৰত সংঘটিত দুৰ্ঘটনাত আহত বিধায়কগৰাকী।

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা৷

এখন বলেৰ’ বাহনে খুন্দা মাৰে বিধায়কগৰাকীৰ বাহনত।

এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় বিধায়ক ভূৱন গামৰ লগতে তেওঁৰ পত্নী আৰু আন কেইবাজনো লোক।

আহত বিধায়কগৰাকীক ভৰ্তি কৰোৱা হৈছে বালিপৰা চিকিৎসালয়ত।

জানিব পৰা মতে, গুৱাহাটী অভিমুখে কিয়া কাৰ্নিভেল বাহনেৰে বিধায়কগৰাকীয়ে সপত্নীক আহি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।