অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! ১৬ বছৰত বিয়াত বহি বলি হৈছিল গাৰ্হস্থ্য হিংসাৰ, বাথৰুমত খাবলৈ দিয়া হৈছিল খাদ্য, ২ সন্তানৰ মাতৃ সবিতা আজি পিছে এগৰাকী সফল চৰকাৰী বিষয়া…

নিউজ ডেস্কঃ এসময়ত তেওঁৰ জীৱন নৰকতকৈ কোনো গুণেই কম নাছিল! প্ৰতিনিয়ত তেওঁৰ ওপৰত চলিছিল শাৰীৰিক, মানসিক অত্যাচাৰ।

বাথৰুমৰ ভিতৰত তেওঁ খাবলগীয়া হৈছিল আহাৰ! আনকি শুবলৈও তেওঁৰ বাবে নাছিল এখন বিচনা!

স্বামীৰ বাবে তেওঁ আছিল কেৱল যৌন সম্ভোগৰ আহিলা। ঘৰখনৰ বাবে তেওঁৰ পৰিচয় আছিল কেৱল চাকৰণীৰ।

জীৱনৰ এনে যন্ত্ৰণাময় দিনত তেওঁ আনকি আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰো চেষ্টা কৰিছিল। কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈ বিষময় হৈ পৰিছিল তেওঁৰ বিবাহোত্তৰ প্ৰতিটো দিন-ৰাতি।

image 29

কিন্তু এদিন দুই সন্তানৰ সৈতে তেওঁ সেই কঠিন সময়ৰ পৰা ওলাই আহি আজি সমাজৰ বাবে নিজৰ এটা পৰিচয় গঢ়িবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে।

বৰ্তমান তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ যুটীয়া সচিব হিচাপে কৰ্তব্যৰত। চৰকাৰী বিষয়া হিচাপে তেওঁ এতিয়া অতি জনপ্ৰিয়।

তেওঁৰ নাম হৈছে সবিতা প্ৰধান। স্বামীগৃহৰ ঘৰুৱা হিংসাৰ বলি হৈ এসময়ত আত্মহত্যাৰ চেষ্টা কৰা সেইগৰাকী মহিলা আজি আন বহু ‘অসহায়’ মহিলাৰ বাবে প্ৰেৰণা।

image 30

এক সাক্ষাৎকাৰত সবিতা প্ৰধানে প্ৰকাশ কৰা মতে, দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা গাঁওখনৰ একমাত্ৰ ছোৱালী আছিল তেওঁ।

কিন্তু গাঁৱৰ পৰম্পৰা পালন কৰি দশম উত্তীৰ্ণৰ ঠিক পিছতে (তেতিয়া তেওঁৰ বয়স ১৬ বছৰ) বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়ে পিতৃ-মাতৃয়ে।

আৰু ইয়াৰ পিছতে আৰম্ভ হয় সবিতাৰ জীৱন সংগ্ৰাম। স্বামীগৃহত অকথ্য শাৰীৰিক-মানসিক অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হয় তেওঁ।

image 31

হকে-বিহকে স্বামী আৰু শহুৰ-শাহুৱে তেওঁৰ ওপৰত মাৰপিট আৰম্ভ কৰে। সেই সময়ত তেওঁক খাবলৈ দিয়া হয় আনে খাই উঠাৰ পিছত ৰাহি হোৱা খাদ্য।

আনকি এনে পৰিস্থিতিও তেওঁৰ জীৱনলৈ আহিছিল, যেতিয়া তেওঁ উপায়ন্তৰ হৈ বাথৰুমৰ ভিতৰত লুকাই খাদ্য খাবলগীয়া হৈছিল।

স্বামী আৰু পৰিয়ালৰ এনে নিৰ্মম অত্যাচাৰৰ মাজতে দুটি সন্তানৰ মাতৃ হয় সবিতা প্ৰধান। কিন্তু তাৰ পিছতো তেওঁৰ ওপৰত নিৰ্যাতন হ্ৰাস পোৱা নাছিল।

image 32

সবিতা প্ৰধানে সাক্ষাৎকাৰত প্ৰকাশ কৰা মতে, এনে নিৰ্মম অত্যাচাৰৰ বাবে এদিন দুৱাৰ বন্ধ কৰি কোঠাৰ ভিতৰত চিপ লৈ তেওঁ আত্মহত্যা কৰিব বিচাৰিছিল।

সেই সময়ত খিৰিকিৰ সন্মুখত ঠিয় হৈ সকলো দৃশ্য চাই আছিল শাহুৱেকে। এবাৰলৈও শাহুৱেকে তেওঁক বাধা দিয়া নাছিল।

নিৰ্দয় শাহুৱেক আৰু স্বামীগৃহৰ আচৰণে যেন এক নতুন শক্তি দিছিল সবিতাক।

image 33

সাক্ষাৎকাৰত সবিতাই কয়, ‘…তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ, লাগিলে মই আনৰ ঘৰত বাচন ধুম, বেশ্যাৰ কাম কৰিম, তথাপি এইখন ঘৰত নাথাকো।’

দুই সন্তানক লগত লৈ সবিতা প্ৰধান স্বামীগৃহৰ পৰা ওলাই আহি প্ৰথমে এজন আত্মীয়ৰ ওচৰত আশ্ৰয় লয়। সেই সময়ত দুই সন্তানৰ লগতে নিজৰ ভৰণ পোষণৰ বাবে এখন পাৰ্লাৰত কাম কৰিবলৈ আৰম্ভ কৰে সবিতা প্ৰধানে।

পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে আহি সবিতাৰ সৈতে থাকিবলৈ লোৱাত তেওঁলোকে এটা সৰু ভাড়া ঘৰ লয়। সবিতাই কাম কৰাৰ লগতে তেতিয়া পিএছচিৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰে।

image 34

অশেষ পৰিশ্ৰম, অধ্যাৱয়ৰ বলতে প্ৰথম প্ৰচেষ্টাতে পিএছচিত সফলতা লাভ কৰে।

কিন্তু ইয়াতেই যেন তেওঁৰ জীৱন সংগ্ৰাম শেষ হোৱা নাছিল। সবিতা প্ৰধানে কোৱা মতে, তেওঁ চাকৰি লাভ কৰাৰ পিছতো স্বামীয়ে প্ৰায়ে তেওঁক আহি মাৰধৰ কৰিছিল।

আনকি চৰকাৰী আৱাস লাভ কৰাৰ পিছতো স্বামীয়ে তেওঁৰ ঘৰলৈ আহি সন্তানৰ সন্মুখতে অত্যাচাৰ চলাইছিল।

image 35

পৰৱৰ্তী সময়ত তেওঁ এই বিষয়ে আৰক্ষী অধীক্ষকক অৱগত কৰাত অৱশেষত আৰক্ষীয়ে স্বামীক গ্ৰেপ্তাৰ কৰে। আৰু এদিনৰ শুনানিতে আদালতে তেওঁলোকৰ বিবাহ বিচ্ছেদ কৰোৱায়।

প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি ২০১৫ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় সবিতা প্ৰধানে। দ্বিতীয় বিবাহৰ পৰাও এটি সন্তানৰ মাতৃ সবিতা।

তিনিটি সন্তান আৰু স্বামীৰ সৈতে এতিয়া সুখী পৰিয়াল সবিতা প্ৰধানৰ।