অসমীয়াৰাষ্ট্ৰীয়

সুৰাসক্ত অৱস্থাত পিতৃ-পুত্ৰৰ মাজত লাগিছিল কাজিয়া, ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াক হত্যা

নিউজ ডেস্কঃ পিতা-পুত্ৰৰ মাজত হোৱা পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিবলৈ হত্যাৰ বলি হ’ল এগৰাকী আৰক্ষী বিষয়া। তামিলনাডু আৰক্ষীৰ বিশেষ উপ-পৰিদৰ্শক এম শ্বানমুগাভেল (৫৭)ক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মঙলবাৰে নিশা তিৰুপপুৰ জিলাৰ গুডিমংগলামত সংঘটিত হয় এই ঘটনা। অভিযুক্ত পিতৃ আৰু তেওঁৰ দুই পুত্ৰক বিচাৰি জিলা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, অভিযুক্তৰ মূৰ্তি, তেওঁৰ জ্যেষ্ঠ পুত্ৰ মণিকন্দন আৰু কনিষ্ঠ পুত্ৰ থাংগাপাণ্ডীয়ে হত্যা কৰে আৰক্ষী বিষয়াগৰাকীক। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মূৰ্তিয়ে আগতে অঞ্চলটোৰ এআইএডিএমকেৰ বিধায়ক চি মহেন্দ্ৰনৰ মালিকানাধীন এখন ফাৰ্মত পৰিয়ালৰ সৈতে কাম কৰিছিল। মঙলবাৰে নিশা প্ৰায় ১১ বজাত মূৰ্তি আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ থাংগাপাণ্ডীৰ মাজত সুৰাসক্ত অৱস্থাত কাজিয়া আৰম্ভ হয়, যাৰ বাবে থাংগাপাণ্ডীয়ে পিতৃক আক্ৰমণ কৰে। ইয়াৰ পিছতে পৰিয়ালৰ আন সদস্যসকলে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে কনিষ্টবল আলাগুৰাজাৰ সৈতে টহল দি থকা স্পেচিয়েল এছ আই শ্বানমুগাভেলে সেই স্থানত উপস্থিত হয়। তেওঁ বিবাদ সমাধান কৰি আহত মূৰ্তিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি, ঠিক সেই মুহূৰ্ততে মণিকন্দনে তেওঁৰ ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত বাধা দিবলৈ এছ আই শ্বানমুগাভেলক কাঁচিৰে আক্ৰমণ কৰে। ইয়াৰ ফলত ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আৰক্ষী বিষয়াগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱায়। ইয়াৰ পিছত মণিকন্দনে কনিষ্টবল আলাগুৰাজাকো আক্ৰমণ কৰে, কিন্তু তেওঁ তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

কনিষ্টবলজনে দিয়া তথ্যৰ ভিত্তিত গুডীমংগলম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই অভিযুক্তই পলায়ন কৰে। ঘটনাৰ তদন্তৰ বাবে পাঁচটা বিশেষ দল গঠন কৰা হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই কৰুণ ঘটনাক লৈ শোক প্ৰকাশ কৰি নিহত বিষয়াগৰাকীৰ পৰিয়াললৈ ১ কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *