নিউজ ডেস্কঃ পুনৰ ভয়ংকৰ ৰে’লে বিস্ফোৰণে কঁপালে পাকিস্তান। পৃথক বেলুচিস্তানৰ দাবীয়ে সৃষ্টি কৰি অহা উত্তেজনাৰ মাজতে বেলুচিস্তান প্ৰদেশৰ অশান্ত মাষ্টুং জিলাত এক শক্তিশালী বিস্ফোৰণৰ পিছতে লাইনচ্যুত হৈ পৰে পেছাৱৰ অভিমুখী জাফৰ এক্সপ্ৰেছৰ ছটা ডবা। দেওবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাত চাৰিজন লোক আহত হয় যদিও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি জানিবলৈ দিছে বিষয়াসকলে।
ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, স্পেজাণ্ড ৰে’লৱে ষ্টেচনৰ সমীপৰ ৰে’লপথত বোমাটো সংস্থাপন কৰা হৈছিল।বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত পুৱা ৯ বজাত প্ৰায় ৩৫০ জন যাত্ৰী লৈ কুৱেটাৰ পৰা ৰেলখন ৰাওনা হয়। পাকিস্তান ৰে’লৱেৰ কুৱেটা বিভাগৰ জনসংযোগ বিষয়া মহম্মদ কাছিফে সংবাদ মাধ্যমৰ আগত কয় যে বিস্ফোৰণৰ পিছত ৰে’লখনৰ ছটা ডবা ৰেলপথৰ পৰা লাইনচ্যুত হৈ পৰে। ঘটনাত কোনো লোক গুৰুতভাৱে আহত হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল আৰু ৰে’লৱে কৰ্মী ক্ষিপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। আৱদ্ধ যাত্ৰীসকলক কুৱেটালৈ ঘূৰাই অনাৰ বাবে এখন বিশেষ সাহায্য ৰেল প্ৰেৰণ কৰা হয়। নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি বোমা নিষ্কাশনকাৰী দলে ট্ৰেক মুকলি কৰিবলৈ আৰম্ভ কৰে। মহম্মদ কাছিফে এক সুকীয়া বিবৃতিত কয় যে এই ঘটনাৰ বাবে ১৪ আগষ্টলৈকে জাফৰ এক্সপ্ৰেছ আৰু বোলান মেইল সেৱা বন্ধ কৰি দিয়া হৈছে। ১৬ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব বোলান মেইল সেৱা।
কুৱেটা আৰু পেছাৱাৰৰ মাজত চলা জাফৰ এক্সপ্ৰেছ যোৱা কেইমাহমানৰ পৰা বাৰে বাৰে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। ৭ আগষ্টত বেলুচিস্তানৰ ছিব ৰেলৱে ষ্টেচনৰ সমীপত ৰেলখন পাৰ হোৱাৰ ঠিক পিছতেই ৰেলপথৰ কাষত স্থাপন কৰা বোমা বিস্ফোৰণ হৈছিল। আন এক ঘটনাত ৪ আগষ্টত কলপুৰৰ সমীপত ইয়াৰ পাইলট ইঞ্জিনত বন্দুকধাৰীয়ে গুলীচালনা কৰে।বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে (বিএলএ) আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
জুন মাহত জেকবাবাদত ৰিম’ট কণ্ট্ৰ’ল কৰা বিস্ফোৰক যন্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত লাইনচ্যুত হৈছিল জাফৰ এক্সপ্ৰেছৰ চাৰিটা ডবা। ইয়াৰ পূৰ্বে ১১ মাৰ্চত কুৱেটাৰ পৰা পেছাৱাৰ অভিমুখী পথত বোলান অঞ্চলত এখন ৰে’ল অপহৰণ কৰি ২১ জন যাত্ৰী আৰু চাৰিজন নিৰাপত্তাৰক্ষীক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। পিছত নিৰাপত্তা বাহিনীয়ে এক অভিযানত আক্ৰমণৰ লগত জড়িত ৩৩জন সন্ত্ৰাসবাদীক হত্যা কৰা হয়।









